ডেভিড্চন্ ছাহাবে উত্তৰ পাৰেদি, ৰিচাৰ্ডচন্ ছাহাবে দক্ষিণ পাৰেদি আৰু মেকমৰাণ্ ছাহাবে ব্ৰহ্মপুত্ৰই দি মানক পিচে পিচে খেদিলে।
হলকান্ত বৰুৱাই সেই দিন অনাথ চৌধাৰীৰ ঘৰৰ পৰা ওলাই নদী পাৰ হৈ ৰূপসী মৌজাৰ জৈনা গাৱঁত আহি এঘৰ মানুহৰ তাত আশ্ৰয় লৈছিল। পাছ দিনা ৰাতি পুৱা তেওঁ সেই গাৱৰ কুড়ি পঁচিশজন মানুহে সৈতে কথা বতৰা পাতি আছিল; এনেতে সিফালৰ পৰা কুৰিজন পলৰীয়া মান আহি সেই গাৱঁত সোমাল। মান অহা বুজি পায়েই গাৱঁৰ লৰা তিৰুতা এটাইবিলাকেই ঘৰ-দুৱাৰ এৰি বৰপেটাৰ ফাললৈ লৰ ধৰিলে। হলকান্ত বৰুৱাই মুঠতে কুৰিজন মান দেখি গাৱঁৰ মানুহবিলাকক উছাই দি ক’লে—“ভাইহঁত! মুঠেই কুৰিটা মান। আমাৰ ইমান সৰহ মানুহ থাকোঁতে কুৰিটা মানৰ ভয়ত কেলেই পলাব লাগিছে। লৰা তিৰুতাবিলাক গ’ল ভালেই হ’ল। আমি মতাবিলাকে লগ লাগি ইহঁতক এটাও নোহোৱা কৰি মৰিয়াই মাৰোঁহক আহ", এই বুলি গাৱঁলীয়া মানুহবিলাকক লগ কৰি লৈ গৈ হোলোঙা বাৰিৰেই সেই কুৰিটা মানৰ আঠাৰটাক মৰিয়াই মৰালে। নিজ হাতে দুটা মান মাৰিলে। বাকী ছটা মান পলাই গ’ল। মানহঁতক মৰাই উঠিয়েই তেওঁ গাৱঁৰ সমস্ত মানুহকে লগ কৰি লৈ বৰপেটাৰ ফালে আহিল। তেওঁ সেই মানুহবিলাকক আগবঢ়াই দি অলপ পিছ পৰি বাট হেৰুৱাই হাবিৰ মাজতে ৰ’ল। ইবিলাক মানুহে ভাটিবেলীয়া গৈ বৰপেটা পালে।