নিশা হলত শান্তিৰাম ভকতে অনাথ চৌধাৰীয়ে সৈতে আলচ যুগুতি কৰি মানুহ দুমুহ লৈ আকৌ মইনবৰিলৈ আহিল৷ হলকান্ত বৰুৱাক অসঁজাতি ভাবি শান্তিৰামে তেওঁক কই মেলি এৰি থলে৷ লগত নানিলে৷ হলকান্ত বৰুৱাইও পুতেকৰ বেমাৰ টান দেখি চণ্ডী বৰুৱাক তেওঁ প্ৰতিজ্ঞা কৰা মতে উদ্ধাৰ কৰিবলৈ আহিবলৈ বৰকৈ কেৰ ঝেৰ নকৰিলে৷ শান্তিৰাম ভকতে মইনবৰি আাহি পাই তাত এটিও মানুহ নেপালে; কেৱল ঠায়ে ঠায়ে হতভগীয়া বন্দীবিলাকৰ শৱবিলাক আৰু হাড়মূৰবিলাকহে লগ পালে৷ তেওঁ জানিলে মানহঁত হাদিৰাৰ যুঁজলৈ গ’ল আৰু বন্দীবিলাকক সিহঁতে যোৱাৰ আগেয়ে নাশ কৰিলে৷ তেওঁ এইবিলাক দেখি শুনি ৰাতি পুৱালত আকৌ কনৰা গাঁৱলৈ উলটি আহিল৷
ইফালে ৰোগীৰ ওচৰৰ পলাই খোটালিলৈ আহি বাপেক জীয়েক দুইও গলত ধৰাধৰি কৰি কান্দি কাটি উঠি হলকান্তই সুধিলে—“আইদেউ! মাৰ ক’ত? তই এইখিনি কেনেকৈ পালিহি?” বাপেকৰ এই কথাত তিলোত্তমাই ক’লে—দেউতা! আপুনি আমাক এৰিথৈ যাবৰ তিনি দিনৰ দিনা ভাটি বেলীয়া