ৰজাৰ হকে আমাৰ যুঁজি মৰাই ভাল” এই বুলি দুইও বীৰে ওচৰা ওচৰি কৰি হাতত তৰোৱাল লৈ যুঁজিলে৷ পঞ্জাবী সকলে আৰু মচলমান কচাৰিবিলাকেও জীৱনৰ আশা এৰি মানৰ লগত যুঁজিলে৷ এইদৰে আকৌ দুদণ্ডমান বেলি হতাহতি ৰণ হ’ল৷ অৱশেহত অসমীয়া সৈন্যৰ সংখ্যা নিচেই তাকৰ পৰিল৷ চল্লিশ পঞ্চাশজনমান শিখ, ত্ৰিশ চল্লিশ জন মচলমান আৰু পঞ্চাশজন মান কচাৰিত বাজে অসমীয়াৰ সৈন্য নোহোৱা হ’ল৷ মানহঁতে দুইওজন সেনাপতিকে বেঢ়ি লৈ অস্ত্ৰ চলাবলৈ ধৰিলে৷ অৱশেহত যুঁজত ভাগৰ লাগি কৃষ্ণৰাম অৱশ হ’ল৷ তেওঁৰ হাতৰ তৰোৱাল শুলকি পৰিল৷ চৈতন্য সিংহলৈ চাই ক’লে—“বীৰ মই আহিলোঁ৷” চৈতন্য সিংহে (১) ক’লে—“ভাই যোৱাঁ৷ ময়ো যাব লাগিছোঁ” এই বুলি চৈতন্য সিংহ আকৌ যুঁজত সোমাল৷ কৃষ্ণৰামক মানহঁতে বেঢ়ি ধৰি অস্ত্ৰ চলালে৷ কৃষ্ণৰাম লাহে লাহে অৱশ হ’ল৷ ঈশ্বৰক স্মৰি বীৰ কৃষ্ণৰামে অনন্ত কাললৈকে চকু মুদিলে৷
ইফালে মানৰ যুঁজত বীৰ চৈতন্য সিংহ পৰিল৷ তেৱেোঁ গুৰু নানকক স্মৰি অসমীয়া ৰজাৰ অৰ্থে প্ৰাণ এৰি বৈকুণ্ঠী হ’ল৷
হাদিৰাৰ যুঁজত মানৰ জয় হ’ল৷ অসমীয়া ৰজাৰ সিংহাসন পোৱাৰ আশা একেবাৰে গ’ল৷ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে চকুৰ লো টুকি টুকি নাও ভটিয়াই দিলে৷ মানহঁতে হাদিৰা চকিত কোঠ মাৰিলে৷