বুলিয়েই কৃষ্ণৰাম আকৌ ঘোৰ ৰণত সোমাল৷ তেওঁৰ তেজোময় বাক্যত উৎসাহিত হৈ আকৌ গোটেইবিলাক ৰণুৱায়ে যুঁজৰ মুখে উলটিল৷
ইফালে মিৰদৌলা আৰু চৈতন্য সিংহৰ ফৈদত অপূৰ্ব্ব যুঁজ চলিল৷ মিৰদৌলাৰ মচলমানহঁত আৰু চৈতন্য সিংহৰ শিখহঁত ৰণত মুঠেই পিছ ভৰি নহল৷ মচলমানহঁতে “আল্লা হুঁ আকবৰ” বুলি ধ্বনি কৰি আৰু শিখহঁতে গুৰুনানকক স্মৰি মৰণত শৰণ দি মানহঁতে সৈতে হতাহতি যুঁজ কৰিলে৷ অসভ্য মানহঁতক থুকুচি থুকুচি কাটিলে; কৃষ্ণৰামেও চৈতন্য সিংহ আৰু মিৰদৌলাৰ লগত লগ লাগি উলাহ মনেৰে মানক কাটিলে; এইদৰে চাৰিদাঁড় সময় তুমুল যুঁজ হ’ল৷ কিন্তু অসমীয়াৰ সৈন্যৰ সংখ্যা মানৰ সৈন্যৰ সংখ্যাৰ লগত তুলনাত নিচেই কম হোৱাত মানক পিছ হোঁহকাব নোৱাৰিলে৷ মানৰ সৈন্যৰ অস্ত্ৰৰ মুখত অসমীয়া সৈন্যৰ সংখ্যা ক্ৰমে কমি যাবলৈ ধৰিলে৷ অৱশেহত দুশমান মচলমান, তিনিশমান শিখ আৰু পাঁচশ মান কোচ আৰু কচাৰিত বাজে অসমীয়াৰ সৈন্য নোহোৱাত পৰিল৷ মানহঁতে ইয়াকে দেখি কিৰিলি মাৰি আকৌ যু’জ আৰম্ভ কৰিলে৷ সেই বাৰৰ যুঁজত মচলমানৰ সেনাপতি মিৰদৌলা পৰিল৷ মচলমানহঁতে তেওঁবিলাকৰ সেনাপতি পৰাতো যুঁজ নেৰিলে৷
চৈত্যন্য সিংহ যুঁজি থাকোঁতে এবাৰ কৃষ্ণৰামক লগ পাই ক’লে -“ভাই! তেওঁবিলাক দুজনতো গলেই৷ আহাঁ, আমিও অসমীয়া ৰজাৰ অৰ্থে প্ৰাণ উছৰ্গা কৰোঁ৷” কৃষ্ণৰামে ক’লে—“এৰা বীৰ! ,