পৃষ্ঠা:Manomati.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উঠিলগৈ আৰু নাও অলপ ভটিয়াই দি দুৰৈৰ পৰা যুঁজৰ শেষ ফললৈ বাট চাই ৰ’ল৷

 ইফালে দুইও সৈন্যৰ ঘোৰ যুঁজ চলিল৷ চাৰু সেনাপতিৰ আহোমবিলাকে একে একে দুটা বৰটোপ মাৰিলে৷ তাতে প্ৰায় হেজাৰ বাৰশ ৰণুৱা পৰিল৷ মানৰ শৰত অসমীয়াৰো হেজাৰ বাৰশ ৰণুৱা পৰিল৷ অসমীয়া ৰণুৱাই বৰটোপ মৰা দেখি মানহঁতে মনতে ভয় পাই আঁতৰব পৰা যুঁজ কৰি অসমীয়াক বলে নোৱাৰিব বুলি জানি সকলোৱে একেমত হৈ হাতত মুকলি তৰোৱাল লৈ খেদি আহি অসমীয়া ৰণুৱাৰ ওপৰত পৰিল৷ মানৰ সৈন্য পোন্ধৰ ষোল হেজাৰ; অসমীয়াৰ মুঠেই চাৰি হেজাৰ৷ এদণ্ডমান বেলি দুইও দলৰে ঘোৰ হতাহতি ৰণ হ’ল৷ অৱশেহত মানৰ সৰহ সৈন্যৰ আগত অসমীয়া সৈন্য ৰব নোৱাৰাত পৰিল৷ অসমীয়া সৈন্য অলপ চিৰিলি বিৰিলি হবলৈ ধৰিলে৷ মানহঁতে ইয়াকে দেখি উলাহমনে কিৰিলি মাৰি আকৌ ঘোৰ হতাহতি ৰণ কৰিলে৷ সেই বাৰৰ ৰণত আহোম সেনাপতি চাৰু পৰিল৷ চাৰুক পৰা দেখি আহোমবিলাক পলাবলৈ ধৰিলে৷ আহোমক পলোৱা দেখি কৃষ্ণৰামৰ ৰণুৱাহঁতেও পলাবৰ অভিপ্ৰায় কৰিলে৷ ইয়াকে দেখি কৃষ্ণৰামে ক’লে—“বীৰ সৱ! তোমালোক যদি পলোৱা তোমালোকৰ জীৱনক ধিক্! মানে তোমাৰ কিনো নকৰিলে ভাবি চোৱা৷ পলাবৰ সকাম নাই৷ পলাই তিৰুতাৰ দৰে মৰাতকৈ ৰণত মৰি বৈকুণ্ঠী হোৱা ভাল৷ যাৰ সাহ আছে সি যেন পিছ নোহোঁহকে৷ চা মই মৰিবলৈ ভয় নকৰোঁ” এই