জয় অসমীয়াৰ জয়
জয় স্বৰ্গদেৱৰ জয়
গোৱা বীৰসৱ সৱে বাহু মেলি।
কৰাহে সইত দেৱতালৈ চাই॥
ৰাক্ষস পিশাচ পাষণ্ড মান।
কাটিম কাটিম কৰি থান খান॥
ভাৱৰীয়াজনে এইদৰে উছাহ পদ গোৱা হ’লত সৈন্যবিলাকে একেমুখে—“জয় অসমীয়াৰ জয়!” “জয় স্বৰ্গদেৱৰ জয়!” এইদৰে জয়ধনি কৰি সাজি কাচি ৰ’ল।
বেলি অলপ অলপ কৰি লাহ দিলে। চন্দ্ৰকান্ত ৰজাৰ ৰণুৱাহঁতে সাজি কাচি ৰৈ আছে; এনেতে পূব ফালৰ পৰা মূৰত ৰঙা আৰু হালধীয়া কাপোৰ মেৰাই অসংখ্য মান হাদিৰাৰ ফালে আহিবলৈ ধৰিলে। মানহঁতক অহা দেখি স্বৰ্গদেৱৰ ৰণুৱাবিলাকো হাতে হাতে অস্ত্ৰ লৈ যুঁজৰ নিমিত্তে সাজু হ’ল; মানহঁতেও হাদিৰালৈ আহি সমুখতে অসমীয়া ৰণুৱা দেখি যুঁজৰ শাৰী পাতিলে আৰু কিৰিলি মাৰি বাৰিষাৰ বৰষুণৰ দৰে অজস্ৰ কাঁড় মাৰিবলৈ ধৰিলে। অসমীয়া সৈন্যও “জয় স্বৰ্গদেৱৰ জয়” এই বুলি জয়ধ্বনি কৰি কাঁড় মাৰিলে। চাই থাকোঁতে থাকোঁতেই মানৰে আৰু অসমীয়াৰে তুমুল যুঁজ লাগিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে দুইও সৈন্যৰ যুঁজ লাগোঁতেই নিজক আপদৰ পৰা আঁতৰত ৰাখিবলৈ মন কৰি ততাতৈয়াকৈ তেওঁৰ চৰা নাৱত