পৃষ্ঠা:Manomati.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানক ইয়াৰ উচিত প্ৰতিফল দিব পাৰ৷ আজি যেন মানৰ হাতৰ পৰা অসমৰ সিংহাসন কাঢ়ি লওৱ৷ আজি যেন আহোমৰ নাম ৰয়৷” চাৰুৱে ক’লে—“স্বৰ্গদেৱ৷ আজিৰ যুঁজত মৰিমেই বা মাৰিমেই৷ হয় আজিয়েই আমাৰ ৰাজ্য ওলটাই কাঢ়ি লম, নহয় আজিৰ পৰাই আমাৰ আহোমৰ নাম নুমাওক,” এই দৰে কই তেৱোঁ ফৈদৰ ভিতৰলৈ আহিল৷ ইয়াৰ পিছতেই অহোমহঁতে ধনঞ্জয় ঢোল কোবাবলৈ ধৰিলে৷ এইদৰে ধনঞ্জয় ঢোল কোবোৱা হ’লত ৰজাৰ ওচৰৰ পৰা এজন বিখ্যাত ভাৱৰীয়া উঠি গৈ আহোম আৰু অসমীয়া সৈন্যক উছাহ দি গালে—

(১)

উঠা বীৰ সৱ উঠা কাচি পাৰি৷
সমুখ ৰণত হোৱা শাৰী শাৰী॥
লোৱা অস্ত্ৰ তুলি যাৰ ভাগে যেনে৷
বধাহে মানক আজিৰ ৰণে॥

(২)

তোমাৰ দেশক নিলে মানে কাঢ়ি৷
তোমাৰ ভেটিত গজালে দুবৰি॥
তোমাৰ ৰজাক পেলালে খেদি৷
লাগেনে আৰু বিলাই বিপতি?