ক’লে—“সেনাপতি! মই শুনিছোঁ তোমালোকৰ সদৃশ বীৰ হেনো পৃথিবীত নাই৷ মোৰ এই ৰাজ্য মানে ছাৰখাৰ কৰিলে৷ আাজিৰ যুঁজত যদি তুমি চন্দ্ৰকান্ত ৰজাক তেওঁৰ হৰোৱা সিংহাসন লৈ দিব পাৰা তেন্তে তুমি অসমৰ ৰজাক চিৰকৃতজ্ঞতাৰ জৰীৰে বান্ধি ৰাখিলা৷ জগতত তোমালোকৰ অক্ষয় কীৰ্ত্তি ৰব৷” ৰজাক এই সাদৰ সম্ভাষণত চৈতন্য সিংহে ক’লে—“মহাৰাজ৷ মোৰ ৰণুৱাবিলাকে সৈতে স্বৰ্গদেৱৰ অৰ্থে নিজৰ মূৰ দিম৷ আপুনি জানিব যেতিয়ালৈকে শিখৰ গাত একবিন্দু তেজ থাকে, তেতিয়ালৈকে শিখে ৰণত পিছ ভৰি নকৰে৷” ৰজাই ক’লে— “বীৰ! তোমালোকৰ বীৰত্বক জগতে বখানে৷ বাৰু তুমি যোৱা৷” ৰজাৰ এই আদেশ পাই চৈতন্য সিংহ নিজৰ ফৈদলৈ গ’ল। তেতিয়া শিখহঁতে “জয়! আসাম মহাৰাজা কী জয়” বুলি জয়ধ্বনি কবিলে৷
চৈতন্য সিংহক সম্ভাষণ কৰি উঠি ৰজাই মিৰদৌলা আৰু কৃষ্ণৰামকো সেই দৰে গুৱা-পান দিলে৷ তেওঁবিলাক দুজনেও “আমি স্বৰ্গদেৱৰ অৰ্থে প্ৰাণ দিম” বুলি নিজ নিজ ফৈদলৈ গ’ল৷ তেতিয়া তেওঁবিলাকৰ ৰণুৱাহঁতেও ‘জয় স্বৰ্গদেৱৰ জয়!” বুলি জয়ধনি কৰিলে৷
এই তিনিজন সেনাপতিক গুৱাপান দি এটাই ৰজাই চাৰুক মতাই নি ক’লে—“ভাই চাৰু! চাচোন মানে আমাক কি কৰিবলৈ এৰা নাই৷ আমাক ৰাজ্যৰ পৰা খেদিলে৷ আমাৰ ৰাজ্য ছাৰখাৰ কৰিলে৷ আমাৰ লৰা তিৰুতা মাৰিলে৷ আজি যেন