গোৱালপাৰালৈ পলাই ডেভি্ডচন ছাহাবক সহায় খুজি সহায় নাপাই মৰণত শৰণ দি হাদিৰালৈ পাৰ হৈ আহি চাৰি পাঁচ হেজাৰ সৈন্য গোটাই আৰু পঞ্জাবৰ পৰা পাঁচশমান শিখ আনি মানৰ লগত আজি এটা শেষ ৰণ দিবলৈ সাজু হৈছিল৷ কিন্তু তেওঁৰ মইনবৰিত থকা মানক আগচি গৈ ধৰিবলৈ বুধিফাকি নহ’ল৷
আগদিনাই-কটকী পঠাই মান ক’ত আছে, কি কৰিছে বুজ লোৱাই তেওঁ আাজি তেওঁৰ স্যৈবিলাকক যুঁজলৈ শাৰী কৰিলে৷ তেওঁৰ ৰণুৱা চাৰি ফৈদ৷ এজাক শিখ, এজাক আহোম, এজাক মচলমান্ আৰু এজাক অসমীয়া কোচ, কচাৰি, কলিতা৷ শিখজাকৰ চৈতন্য সিং, আহোম জাকৰ চাৰু, মচলমান জাকৰ মিৰদৌলা আৰু অসমীয়া জাকৰ কৃষ্ণৰাম নামেৰে চাৰি জন সেনাপতি৷
শিখ আৰু মচলমানবিলাকে হাতে হাতে তৰোৱাল লৈ যুদ্ধক্ষেত্ৰৰ সোঁ হাতে, আহোমহঁত বাওঁ হাতে, আৰু অসমীয়া জাক মাজত আছিল৷ কোচ কচাৰি ৰণুৱাহঁতৰ হাতে হাতে শেল, জাঠি, ধনু আৰু কাঁড়৷ বাৰশমান আহোমৰ হাততো ধনু আৰু কাঁড়৷ অহোমহঁতৰ আগত চাইটা বৰটোপ পতা৷
ৰণুৱাবিলাকে এইদৰে শাৰী হৈ সাজু হ’লত স্বৰ্গদেৱে সেনাপতি চাৰিউজনকে মতাই নিয়ালে৷ তেওঁবিলাকে ৰজাৰ আগত গৈ আঠু ললে৷ ৰজাই পোনেই ৰূপৰ শৰাইৰ পৰা নিজহাতে তামোলপান লৈ শিখ সেনাপতি চৈতন্য সিংহক দি