পৃষ্ঠা:Manomati.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষোড়শ অধ্যায়
হাদিৰা চকিৰ ৰণ

 আজি মাঘ মাহৰ পঞ্চমী তিথি। ৰাতি পুৱাইছে মাথোন। সূৰুয দেৱতাই পূৱৰ ফালৰ পৰা টলীয়া হৈ একুৰা জুইৰ দৰে ৰঙা হৈ ওলাইছে। আাকাশ নিৰ্ম্মল। ক’তো এফেৰিও মেঘৰ চিন নাই। কেৱল সূৰুয দেৱতাৰ দুইওকাষে পূৱৰ ফালে দুচটা ৰঙা মেঘে ৰেঙাইছিল। সেই ৰঙা মেঘৰ ছাঁ আৰু সূৰু‌য দেৱতাৰ ৰশ্মিয়ে ব্ৰহ্মপুত্ৰ নৈৰ পানীত পৰি নৈৰ পানীকো হেঙুলীয়া কৰিছিল। ব্ৰহ্মপুত্ৰৰ পানী থিৰ। নিজৰ গতিক বিৰোধ কৰিব পৰা সমান বলী শক্ৰ নাপাই যেন আজি ব্ৰহ্মপুত্ৰ বাবাই থিৰ, নিতাল আৰু গম্ভীৰ ভাৱেৰে তেওঁৰ সকাম সাধি যাবলগীয়া ঠাইলে গৈ আছিল। ঠিক এনে সময়তে, এনে দিনতে ৰাতিপুৱাই ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গোৱালপাৰা নগৰৰ উত্তৰ পাৰে হাদিৰা চকিৰ চাপৰি এটাত হাতে হাতে শেল, জাঠি, তৰোৱাল, হিলৈ লৈ পাঁচ হেজাৰ মানুহ গোট খাইছিল। এই মানুহ চাৰি দল। তেওঁবিলাকৰ পিছত অলপ আঁতৰত এখন চন্দ্ৰাতপ তৰি তাৰ তলত ৰূপৰ শৰাই এখন আগত লৈ এজন

ৰজা। এই ৰজাজনেই অসমৰ শেষ ৰজা স্বৰ্গীয় চন্দ্ৰকান্ত সিংহ। মানৰ লগত গুৱাহাটীত এবাৰ যুজি মানক বলে নোৱাৰি তেওঁ

১৪