ওলাল। তেতিয়া হলকান্ত বৰুৱা, অনাথ চৌধাৰী, শান্তিৰাম ভকত গোটেইবিলাকেই চিকিৎসকক লৈ লক্ষ্মীকান্তৰ ওচৰ পালেগৈ! কবিৰাজে নাড়ী চাই লক্ষ্মীকান্তৰ বৰ টান জ্বৰ দেখি মনটো অলপ বিমৰ্ষ কৰি ক’লে—“দেউতা বপাৰ জ্বৰ টান। বাৰু মই যিমান পাৰোঁ চাম। বপাৰ অলপইচান ধৰিবলৈ, কোৱাঠ মাৰিবলৈ, পানী তপতাবলৈ ভাল তিনি-চাৰিজনীমান মাইকী মানুহ বন্দৱস্ত কৰি দিয়ক। তিনি চাৰিটিমান মানুহে অনুপান বিচাৰি দিয়ক। আজি দিনে ৰাতিয়ে চাব লাগিব।” কবিৰাজে এই দৰে কোৱাত হলকান্ত বৰুৱাই কান্দিবলৈ ধৰিলে। অনাথ চৌধাৰীয়ে তেওঁক প্ৰবোধ দিবলৈ ধৰিলে। তাৰ পিছত তেওঁ লক্ষ্মীকান্তৰ শুশ্ৰূষাৰ নিমিত্তে পমীলা, মনোমতী আৰু তিলোত্তমা নামেৰে এজনী জীয়াৰী ছোৱালীক মাতি আনি ক’লে—“আইটীহঁত তোমালোকে বপাৰ পতিপাল কৰা।” তিলোত্তমা বোলা সেই ছোৱালীজনীয়ে লক্ষ্মীকান্তৰ ওচৰ চাপিয়েই “আই ঔ মোৰ ককাইদেউ ঔ” বুলি ৰোগীৰ গলটোত সাবোট মাৰি ধৰিবলৈ গ’ল। পমীলাই তেওঁক হাই ও বিয়ৌ কৰিবলৈ হাক দিলে। তিলোত্তমাৰ মাত শুনি হলকান্ত বৰুৱাইও একেচাবে আহি তিলোত্তমাৰ গলত ধৰি “আই ঔ মোৰ তিলো ঔ” বুলি কান্দিবলৈ ধৰিলে। অনাথ চৌধাৰীয়ে বাপেক জীয়েকৰ এই পৃৰ্ণ মিলনত বৰ আনন্দ পালে; কিন্তু ৰোগীৰ ভালৰ নিমিত্তে তেওঁবিলাক দুইকো সিটো খোটালিলৈ বঢ়াই বুজাই নিলে।
পৃষ্ঠা:Manomati.pdf/২১২
অৱয়ব