শান্তিৰাম—‘অইন মানুহে মানৰ বাহৰৰ একো দিহা নাপায়। মই আৰু হলকান্ত বৰুৱায়ে অলপ যি জানো। হলকান্ত বৰুৱাই নিজে যাওঁ বুলিছে। কিন্তু তেওঁক অকলৈ বিশ্বাস কৰি এৰি দিব নোৱাৰোঁ। কিজানি তেওঁ আকৌ মানৰ লগত মিলি এই গোটেইখন গাৱঁকে বিপদত পেলায়। সেই দেখি মই অকলৈ মানুহ-দুনুহ লৈ যাওঁ বুলিছোঁ।” পমীলা—‘আতৈ! আপোনাক নশলাগি নোৱাৰোঁ। কিন্তু আপুনিনো পৰৰ উপকাৰৰ অৰ্থে ইমান যত্ন কৰিবলৈ ক’ত শিকিলে কওকচোন?” শান্তিৰাম—“পমীলা! বাৰু কোৱাচোন তুমিনো তোমাৰ সখীক ভাল পাবলৈ আৰু আন যাকে তাকে ভাল পাবলৈ ক’ত শিকিলা?” পমীলা ‘‘সজ্জনৰ লগত থাকিলে হেনো মানুহে সজ সঙ্গতি পায়। ভাল কথা-বতৰা শিকে! আপোনাৰ নিচিনা পৰক ফাঁকি দিব পৰা কেৱলীয়া ভকত এজন বৰুৱাৰ টোলত থাকিলে সেই ভকতৰ ফাঁকি দিয়; গুণে আন মানুহক নপৰ্শিব কেলেই?” পমীলাৰ এই কথাত শান্তিৰাম ভকতে লাহেকৈ মুখ হাত ধুই পানী এচিটা পমীলাৰ গালৈ মাৰি দিলে। ৰাঙ্গঢালী পমীলাইও ইয়াৰ শোধ লবৰ মনেৰে বেৰৰ মাটী এডোখৰ তুলি লৈ ভকতৰ গাত মাৰি দি গোঁসাই ঘৰৰ পৰা পলাই লৰ মাৰিলে।
ইফালে অনাথ চৌধাৰীয়ে হলকান্ত বৰুৱাৰ জগত ইষ্ট আলাপ কৰিলে। দুইও চণ্ডী বৰুৱালৈ আক্ষেপ কৰিলে। এনেতে অনাথ চৌধাৰীয়ে মাতি পঠোৱা কবিৰাজ জনা আহি