পৃষ্ঠা:Manomati.pdf/২১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০৬
মনোমতী

ঘৰলৈ আহিল আৰু শান্তিৰাম ভকতক জলপান খোৱাতে লগ ধৰি ক’লে—“আতৈ! এটা কথা সুধিবলৈ আহিলোঁ। শান্তিৰাম—“কি কথা পমীলা?” পমীলা—“আমাৰ লগত দেখোন আমাৰ বৰুৱা নাহিল। তেওঁনো ক’ত? তেওঁৰ নো কি হ’ল? ” শান্তিৰাম—“তুমি এতিয়া সেইবিলাক কথা এৰা। আজি এই কেইদিন তোমালোকৰ নিৰাহাৰ। চাইটা খাই সুস্থিৰ হোৱাগৈ।” পমীলা—“পিশাচহঁতৰ হাতৰ পৰা ৰক্ষা পৰি আহিছো যেতিয়াই এতিয়া আৰু খোৱা-লোৱাৰ চিন্তা নাই। কিন্তু আপুনি কওকচোন আমাৰ বৰুৱাৰ কি হ’ল? কিয় তেওঁক নানিলে।” শান্তিৰাম—“চণ্ডী বৰুৱাক আমাৰ মানুহযোৰাই সেই ঘৰটোৰ ভিতৰত নেপালে। তাত হলকান্ত বৰুৱাক পাই তেওঁকে চণ্ডী বৰুৱা বুলি আমাৰ মানুহে লৈ আহিছে। পমীলা—“ইয়াৰ কাৰণ কি কব পাৰেনে?' শান্তিৰাম—“মই হলকান্ত বৰুৱাৰ মুখে শুনিছে৷ তেওঁক হেনো মানহঁতে শেষত বন্দী কৰি চণ্ডী বৰুৱাৰ লগতে সেই ঘৰটোত থৈছিল। পিছত পৰহি নিশা মানহঁতে হেনো চণ্ডী বৰুৱাক সেইটো ঘৰৰ পৰা উলিয়াই নি কি কৰিলে কব নোৱাৰোঁ।” পমীলা —“তেন্তে এতিয়ানো আমাৰ কি কৰা যুগুত?” শান্তিৰাম—“ঈশ্বৰে যদি সকলোকে ভালে-কুশলে ৰাখে তেন্তে আাজি নিশা মই আকৌ মানুহ-দুনুহ লৈ তেওঁক আনিবলৈ যাওঁ বুলিছোঁ। কিন্তু তেওঁক যে পাম এনেটো আশা নাই।” পমীলা—“আপোনাৰ দেখোন ভালেমান দুখ হ’ল। অইন কাৰবাক পঠালে নহয় জানো?”