পৃষ্ঠা:Manomati.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
কনৰা গাওঁ

যিকি নহওঁক আজি ৰাতি তেওঁকো উদ্ধাৰ কৰিবলৈ উপায় কৰিব লাগিব। আৰু সেই উপায় মইয়ে কৰিম।” এইদৰে কথা-বতৰা পাতি বেলি প্ৰায় দেড় পৰ হওঁতে গোটেইবিলাক মানুহেই কনৰা গাওঁ পালে। এটাইবিলাক গৈ পোৱাত অনাথ চৌধাৰীয়ে আদৰ কৰি মানুহবিলাকক শোধ-পোচ কৰিলে। পমীলা আৰু মনোমতীক ভিতৰলৈ লৈ গৈ চোতালত বহুৱাই এজন বামুণৰ হতুৱাই এক এক চান্দ্ৰায়ন পৰাচিত কৰি গা ধুৱাই ঘৰৰ ভিতৰলৈ নিলে। লক্ষ্মীকান্ত ডেকা বৰুৱাৰ বিষম জৰ দেখি তেওঁ ততালিকে ডেকা বৰুৱাক ধৰাধৰি কৰি নি খাটৰ ওপৰত শুৱালে। চৌধাৰীয়ে ডেকা বৰুৱাৰ ওচৰলৈ গৈ তেওঁৰ নাড়ী চাই জ্বৰ বৰ টান দেখি পেৰাৰ পৰ বৰি এটা উলিয়াই মাৰি খুৱালে। এটা মানুহক গাৱঁৰ কবিৰাজজনৰ ঘৰলৈ পঠালে। তাৰ পাছত ওলাই আহি বামুণৰ হতুৱাই শান্তিৰাম ভকত আৰু হলকান্ত বৰুৱাক পৰাচিত কৰি নতুন কাপোৰ এযোৰা পিন্ধিবলৈ দি ভিতৰলৈ গৈ ঘৈণীয়েকে সৈতে আলচ কৰি বামুণৰ হতুৱাই ওপৰৰ আতালৰ পৰা জহা ধানৰ চিৰ উলিয়াই হলকান্ত বৰুৱাক মাতি নি জলপান খুৱালে। তাৰ পিছত সেইদৰে শান্তিৰাম ভকতক নি গোঁসাই-ঘৰত জলপান খাবলৈ দি ওলাই আহিল। ভিতৰৰ ফালে সেইদৰে চৌধাৰীনীয়েও পমীলা আৰু মনোমতীক জলপান খাবলৈ দিলে। পমীলাই জলপান নেখাই চৌধাৰীনীক ক’লে—“আই মই অলপ পিছত খাম, সখীয়ে বাৰু খাওক।” এই বুলি কৈয়েই পমীলা ঘৰৰ ভিতৰৰ পৰা ওলাই গোঁসাই