পৃষ্ঠা:Manomati.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
মনোমতী

চণ্ডী বৰুৱা নহয়নে?” শান্তিৰাম—“এওঁ চণ্ডী বৰুৱা নহয়। এওঁ চণ্ডী বৰুৱাৰ প্ৰধান শত্ৰু মানৰ মিতিৰ হলকান্ত বৰুৱা।” মানুহটোৱে শান্তিৰামৰ এই কথা শুনি তধা খালে। শান্তিৰামেও আাকাৰে ইঙ্গিতে তাক মনে মনে থাকিবলৈ কৈ হলকান্ত বৰুৱাৰ ওচৰ পালেগৈ আৰু তেওঁক এবাৰ লগ কৰি একাষৰীয়া কৰি মাতি নি ক’লে—“বাপ! আমি দেখোন চণ্ডী বৰুৱাক আনিবলৈহে মানুহ পঠাইছিলো; কিন্তু তেওঁক নানি দেখোন আপোনাকহে আনিলে। আপুনি দেখোন মানৰ মিতিৰ। আপুনি আমাক কৰবাত বিপদত পেলাবলৈ আহিছেনে কি?” হলকান্তই ক’লে—“শান্তিৰাম! মই আৰু এতিয়া মানৰ মিতিৰ নহওঁ। চণ্ডী বৰুৱাৰ দৰে মইও পিশাচহঁতৰ এতিয়া প্ৰধান শক্ৰ।” শান্তিৰাম—“বাপ! আমিনো সেইটো কথা বিশ্বাস কৰোঁ কেনেকৈ? মিতিৰেই হওক বা শতুৰেই হওক আপুনি যদি উলটি গৈ আমাক মান আনি সেই মানৰ হতুৱাই নষ্ট কৰাব খোজে তেন্তে আমিও আপোনাৰ ওপৰত তাৰ শোধ লম। আপোনাৰ পুতেকক আমি আগেয়ে বধিম।” হলকান্ত —“শান্তিৰাম! মোক অবিশ্বাস নকৰিবা। মই আৰু মানৰ তালৈ উলটি নাযাওঁ। তোমালোকৰ লগে লগেই যাম। পিশাচহঁতে শেষত মোকো কাটিবলৈ ওলাইছিল। মোক বন্দী কৰি পাষণ্ডহঁতে চণ্ডী বৰুৱাৰ লগতে থৈছিল। পৰহি নিশা দেড় পৰ হোৱাত কি কাৰণত কব নোৱাৰোঁ অধমহঁতে তেওঁক বন্দীশালৰ পৰা উলিয়াই লৈ গৈ কি কৰিলে কব নোৱাৰোঁ।