শুনি গাৱঁৰ সাহিয়াল সাহিয়াল দুকুৰিমান মানুহক সিহঁতৰ হাতত জাঠি জোঙ আৰু দা চিপ্ৰাং, দুখন দোলা ইত্যাদি দি শান্তিৰাম ভকতে সৈতে বন্দীবিলাকক উদ্ধাৰ কৰি নিবলৈ পঠাইছিল। সেই মানুহবিলাক হাবিয়ে হাবিয়ে আহি শান্তিৰামৰ দিহা মতে বৰভোগৰ নিশা বন্দীঘৰ তিনিটাত তিনিটা সুৰঙ্গ কাটি আৰু টেঙ্গুলাক মাৰি পমীলা, মনোমতী, লক্ষ্মীকান্ত ইত্যাদিক পলুৱাই নিছিল। চণ্ডী বৰুৱা বুলি সেই লগতে হলকান্ত বৰুৱাকো কেনেকৈ উদ্ধাৰ কৰিলে আৰু চণ্ডী বৰুৱাক কিবাবে নেপালে পাঠক সকলে তাক জানিছেই।
বন্দীশালাৰ পৰা বন্দীসকলক উলিয়াই লৈ কনৰা গাৱঁৰ মানুহবিলাকে হাবিৰ মাজে মাজে গৈ এটা পুখুৰীৰ পাৰ পালে। তাত গোটেইবিলাক মানুহেই লগ লাগিল। তাতে ৰাতিও পুৱাল। মানুহবিলাকে সেই পুখুৰীত নামি মুখ হাত ধুলে। ঘাৰ বিষ আৰু অনাহাৰে লক্ষ্মীকান্তৰ প্ৰকোপিত জ্বৰ উঠিল। মানুহবিলাকে এখন দোলাত লক্ষ্মীকান্তক আৰু এখনত পমীলা আৰু মনোমতীক তুলি লৈ কনৰা গাৱঁৰ ফালে যাবলৈ ধৰিলে।
ৰাতি ভালকৈ পুৱালত গোটেইবিলাক মানুহেই দেখাদেখি হ’ল। হলকান্ত বৰুৱাই সেই মানুহবিলাকৰ ভিতৰত শান্তিৰাম ভকতক দেখা পালে। হলকান্তক দেখি শান্তিৰাম ভকতে হলকান্ত বৰুৱাক পলুৱাই অনা মানুহটোৰ গুৰিলৈ গৈ মনে মনে সুধিলে—“তই কি কৰিলি? যাক আনিবলৈ পঠাইছিলোঁ তেওঁক দেখোন নানিলি? মানুহটোৱে ক’লে—“কেলেই এওঁ