পৃষ্ঠা:Manomati.pdf/২০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পঞ্চদশ অধ্যায়
কনৰা গাওঁ

 মইনবৰি গাৱঁৰ পূব-দক্ষিণ কোণত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় মইনবৰিৰ পৰা এবেলাৰ বাটত কনৰা নামে এখন গাওঁ আছিল৷ সেই গাৱঁত মানৰ শেষ আক্ৰমণৰ সময়ত প্ৰায় চাৰিকুৰি ঘৰ মানুহ আছিল৷ সেই গাওঁখন মানৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰি আছিল৷ তাত অনাথ চৌধাৰী নামেৰে এজন পুৰণি কলিতা ভাল মানুহ আছিল৷ তেওঁ বৰফুকনে পতা বিষয়া আৰু সেই কাৰণে বিশেষ তেওঁৰ শান্ত প্ৰকৃতিৰ গুণত গাৱঁৰ এটাইবিলাক মানুহেই তেওঁক উপাসা কৰিছিল; আন কি দেৱতাৰ দৰে মানিছিল৷ অনাথনাথ চৌধাৰীৰ ভাই-ককাই কেৱে নাছিল৷ পৰিয়ালৰ ভিতৰত তেওঁৰ ঘৈণীয়েক আৰু এটি তেওঁৰ পাঁচবছৰীয়া লৰা আছিল৷ মাটি-বৃত্তি, বেটী-বন্দী তেওঁৰ সৰহ পৰিমাণে আছিল৷

 শান্তিৰাম ভকতে সেই নিশা মানৰ বাহৰৰ পৰা পলাই এই কনৰ গাৱলৈকে আহিছিল আৰু দয়ালু অনাথ চৌধাৰীত চণ্ডী বৰুৱাৰ দুখৰ বাতৰিবিলাক জনাই চণ্ডী বৰুৱাৰ উদ্ধাৰৰ অৰ্থে সহায় খুজিছিল৷ স্বদেশবৎসল অনাথ চৌধাৰীয়েও শান্তিৰামৰ মুখে চণ্ডী বৰুৱা, তেওঁৰ ধৰ্ম্মীয়া জীয়েক ইত্যাদিৰ দুখৰ বিলাই