ধৰিলে৷ পাঁচোটা মানে আৰু কামডেঙে তাক আহি আগুৰি ধৰিলে৷ কামডেঙে কলে—“সেনাপতি৷ ক্ষমা কৰিবা৷ শোক নকৰিবা৷ তাই মৰক৷ তাই তোমাৰ নিচিনা বীৰ এটাকো কাপুৰুষ কৰি পেলালে৷ ভাল হ’ল আমাৰ আপদ খণ্ডিল৷ কাইলৈ আমি হাদিৰালৈ যাম৷ পৰীয়াটোৱে আহি আঠু লৈ ক’লে -বীৰ! তাই ভ্ৰষ্ট্ৰাও৷ তাইত সঁজাত নাই৷’ সিহঁতৰ কথা শুনি সেনাপতি মনে মনে থাকিল৷ পদুমীক মানহঁতে বান্ধি ছাতি নি বৰনগৰৰ পৰা ধৰি অনা বন্দীবিলাকৰ লগত একেটা ঘৰতে সুমুৱাই বাহিৰৰ পৰা সেই ঘৰটোৰ দুৱাৰ বান্ধি ঘৰটোত জুই লগাই দিলে৷ হুম্ হুম্ শবদেৰে অগ্নি জ্বলি উঠিল৷ বন্দীহঁতে “আইঔ পুৰি মৰিলোঁ ঔ” বুলি চিঞৰিবলৈ ধৰিলে৷ চাই থাকোঁতে থাকোঁতে অভ্ৰং লেহী অগ্নি শিখা জ্বলি উঠিল৷ জুইৰ হুম্হুমনিত হতভগীয়া বন্দীহঁতৰ মাত ক্ৰমে নিজম্ পৰি গ’ল৷ এইদৰে সেই মইনবৰি গাঁৱতে পাখণ্ডহঁতে এনেকুৱা ভীষণ নিষ্ঠুৰতা আচৰণ কৰি সিহঁতৰ পিশাচ প্ৰকৃতিৰ চিনাকি দি পিছ দিনা হাদিৰালৈ যাত্ৰা কৰিলে৷
পৃষ্ঠা:Manomati.pdf/২০৫
অৱয়ব