পৃষ্ঠা:Manomati.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা ভেড়া কৰিলে৷ এই আমাৰ প্ৰধান শত্ৰু নহয়নে? এইক জীয়াই জীয়াই পুৰিব নেলাগেনে? এইৰ মঙ্গহ কাউৰ শগুনক দিব নেলাগেনে?” মানটোৰ এই কথাত সমজুৱাবিলাক জ্বলি উঠিল আৰু একে মুখে ক’লে—“এইক ধৰ৷ জীয়াই জীয়াই পোৰ” এই বুলিয়েই কুড়িটা সমজুৱাই পদুমীলৈ খেদা মাৰি আহিল৷ মিঙ্গিমাহাই সিহঁতক খেদা মাৰি অহা দেখি একেচাবে উঠি গৈ পদুমীক আঁকোৱালি ধৰি ক’লে—“বুকৰ জীউ! তই কথা নকবি৷ সমজুৱাহঁতৰ ভৰিত দীঘল দি পৰ৷’’ পদুমীয়ে ক’লে—“মিঙ্গিমাহা! চাওঁ তই মোক এৰি দে” এই বুলি কৈয়েই আজোৰ মাৰি তাৰ হাতৰ পৰা ওলাই মানহঁতৰ আগত থিয় হৈ হেঁপাহ পলুৱাই নিৰ্ভয় চিত্তে ক’লে—“পিশাচহঁত! পাষণ্ডহঁত৷ ৰাক্ষসহঁত৷ তহঁতে মোক কাটি পেলা৷ মোৰ মঙ্গহ কাউৰ শগুনক দে৷ তেও তহঁতৰ হাতৰ পৰা সাৰোঁ৷ নৰকীহঁত! অধৰমীহঁত! তহঁতে মোক কি কৰিবলৈ নথলি৷ মোৰ আই, বোপাই, ভাই, ককাই সকলোকে মাৰিলি৷ মোৰ জতি মাৰিলি৷ মোৰ সতীত্ব হৰণ কৰিলি৷ যদি এজন ঈশ্বৰ আছে, যদি পৃথিবীত ধৰ্ম্ম আছে তেন্তে নিশ্চয় নিশ্চয় তহঁতে ইয়াৰ প্ৰতিফল পাবি৷ ঈশ্বৰে কৰে তহঁতৰো লৰা তিৰুতাই আমাৰ দৰেই কান্দিব৷ ঈশ্বৰে কৰে তহঁতৰো লৰা তিৰুতাৰ আন কোনোবাই এইদৰে জাতকুল মাৰিব৷” পদুমীৰ এই কথাত মানহঁত খঙতে জলি আহিল৷ দহোটা মানে আহি পদুমীক বান্ধিবলৈ ধৰিলে৷ মিঙ্গিমাহাই চকুৰ লো টুকিবলৈ