পৃষ্ঠা:Manomati.pdf/২০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চোৱাচোন৷ আমি এইক আৰু কেই আাষাৰমান কথা সোধোঁ৷ এই যদি মুখ ৰাখি কথা কয় তেন্তে ভাল৷ নচেৎ এইক শুদাই নেৰোঁ৷” সিহঁতৰ এই কথাত মিঙ্গিমাহাই পদুমীক ক’লে— “বুকৰ জীউ! তই আজি বৰকৈ মদ খাইছিলি হবলা৷ তই সমজুৱাহঁতক সেৱা কৰি ক্ষমা প্ৰাৰ্থনা কৰ৷ মুখ ৰাখি কথা ক৷” পদুমীয়ে ক’লে—“মিঙ্গিমাহা! মই মদ ফটিকা খোৱা নাই৷ মোৰ আৰু জীৱলৈকো বাঞ্চা নাই৷ তোক মই ভাল পাইছিলোঁ৷ সোণা! মোক বিদায় দে৷ তোৰ এই পিশাচহঁতে মোক কাটি পেলাওঁক৷” পদুমীৰ এই কথাত মিঙ্গিমাহা বৰ বিমৰিষ হ’ল৷ কামডেঙৰ চকুলৈ চাই চকুৰেই কাবৌ-মিনতি জনালে৷ কামডেঙে তিলোৱাৰ ভাব বুজি মৰম লাগি পদুমীক ক’লে—“পদুমী৷ তই মদ খাইছ হবলা৷ ভালকৈ কথা ক৷ বাৰু কচোন টেঙ্গুলা কেনেকৈ মৰা পৰিল৷” পদুমী—“টেঙ্গুলাই পাপৰ পৰাচিত কৰিলে৷ সি পিশাচে আৰু এই পিশাচে দুইও লগ লাগি সিহঁতৰ জাত মাৰিবলৈ গৈছিল৷ ঈশ্বৰে তাৰ প্ৰতিফল দিলে৷ এতিয়া তহঁত পাষণ্ডহঁতে মোক কাটি পেলা৷” পদুমীৰ এই কথাত এইবাৰ সমজুৱাহঁতৰ ভিতৰৰ এটা ডেকা মানে থিয় হৈ কবলৈ ধৰিলে৷ “ভাইহঁত! চা৷ এই তিৰোতাজনীয়ে আমাক কেনেকৈ গালি পাৰে৷ সেনাপতিৰ তিৰুতা হ’ল বুলি আমাক৷ ইমান গালি পাৰিব লাগেনে? চাচোন এইৰ দোষতে আমাৰ টেঙ্গুলা মৰিল৷ এই আহিবৰে পৰা আমাৰ কিমান বন্দী পলুৱাই দিলে৷ এইয়ে আমাৰ সেনাপতিক এজন সাহিয়াল বীৰ গুচাই