পৃষ্ঠা:Manomati.pdf/২০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সেনাপতিক খাটি মোকলাই দিছোঁ৷’ কামডেঙে ক’লে—“কিয় মোকলাই দিলি?” পদুমী-“সি ওলাই গৈ ইবিলাক বন্দীকো বুধি কৰি পলুৱাই নিবলৈ৷’ কামডেঙে ক’লে—“সেনাপতি৷ শুনা তোমাৰ এই কি কয়৷” সেনাপতিয়ে তবধ মনেৰে শুনিবলৈ ধৰিলে৷ কামডেঙে সুধিলে—“সিহঁতক পলুৱালি কেলেই?” পদুমী—“সিহঁতৰ জাতকুল, প্ৰাণ ৰক্ষা কৰিবলৈ৷” কামডেঙ—“আমাৰ হাতত থকাতনো সিহঁতৰ কি বেয়া হৈছিল?” পদুমী—“পিশাচৰ হাতত থাকিলে যদি মানুহৰ একো বেয়া নহয় তেন্তে সিহঁতৰো একো বেয়া হোৱা নাছিল৷ মই নুবুজিহে কৰিলোঁ৷” কামডেঙ—“পিশাচ কোন অ?” পদুমী—“অধৰমী মান৷” পদুমীৰ এই কথাত সকলোবিলাক মানেই জিকজিকাই উঠিল৷ এনেতে মিঙ্গিমাহাই সিফালৰ পৰা ক’লে—“পদুমী! তই গা বুজি সমজুৱাৰ আগত কথা ক। তোৰ বেয়া হব৷ মই ৰাখিব নোৱাৰিম৷” পদুমী—“মিঙ্গিমাহা! আজি মই ভয় নকৰোঁ৷ তোৰে মোৰে সম্পৰ্ক ছিগিল৷ সেই দেখি মোৰ দোষ ক্ষমা কৰিবি৷” পদুমীৰ এই কথাত মিঙ্গি- মাহাই সমজুৱা আৰু কামডেঙলৈ চাই ক’লে-“ভাইহঁত! দোষেই হইছে বা গুণেই হইছে এইক আৰু একো কথা নুসুধিবি৷ এইক এৰি দে৷ মইও পৰীয়াটোক এৰিলে৷” সমজুৱাহঁতে ক’লে—“সেনাপতি! তোমাৰ মুখলৈ চাই এইক এৰিলেও এৰিব পাৰোঁ-কিন্তু আমাৰ মানলৈ এইৰ ঘিণ কিমান চোৱাচোন৷ এইৰ দোষতে টেঙ্গুলা মৰিছেনে নাই ভাবি