পৃষ্ঠা:Manomati.pdf/২০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯৭
মানহঁতৰ দেওপূজা—প্ৰতিমা বিসৰ্জ্জন

গাতেই উলটি পৰিব।” পৰীয়াটোৰ এই কথাত মিঙ্গিমাহা খঙতে ৰঙা পৰি ক’লে—“কি! তোৰ ইমান সাহ! তই মোক মুখে মুখে উত্তৰ দিয়!” পৰীয়াটোৱে তেতিয়া সমজুৱাহঁতলৈ চাই ক’লে—“ভাইহঁত! তহঁতে ন্যায় বিচাৰ কৰ। সেনাপতিয়ে ন্যায় বিচাৰ কৰিব নোখোজে।” পৰীয়াটোৰ এই কথাত মান হঁতে টিপোৱাটিপি কৰি হাহিবলৈ ধৰিলে। অৱশেহত কামডেঙে ক’লে—“বাৰু! তোৰ আমি উচিত বিচাৰ কৰোঁ। তই কি কব খোজ ক।” পৰীয়াটোৱে ক’লে—“বাৰু মই যি কওঁ কম। কিন্তু সেনাপতিৰ সেই তিৰুতাজনীক সমাজৰ ভিতৰলৈ আনিব লাগে।” মিঙ্গিমাহা—“মই তাইক কেতিয়াও আনিব নিদিওঁ।” কামডেঙ—“ভাই সেনাপতি! দোষীক দণ্ড দিয়াৰ আগেয়ে বিচাৰ কৰা উচিত। তাইতো আমাৰ মানৰ তিৰোতা নহয়। তাই অসমীয়া, আদেশ কৰা তাইক আনো।” মিঙ্গিমাহাই কামডেঙৰ এই কথা এৰাব নোৱাৰি ক’লে—“বাৰু। তেন্তে আন।” সেনাপতিৰ এই কথাত কামডেঙে নিজে গৈ পদুমীক মাতি আনিলে। পদুমী আাহি সমাজৰ মাজত থিয় দিলে। তেতিয়া কামডেঙে সুধিলে—“পৰীয়া! তই কি কব খোজ ক।” পৰীয়াটোৱে ক’লে—“ভাইহঁত! তহঁতে তাইক সোধ তাই সেনাপতিক খাটি বন্দী এটা এৰি দিছে নে নাই।” তাৰ এই কথাত মিঙ্গিমাহাৰ মনক খঙে আৰু লাজে বেঢ়ি ধৰিলে। সি মাতিব নোৱাৰাত পৰিল। একে থৰে ৰ’ লাগি পদুমীৰ ফালে চাই ল। পদুমীয়ে উত্তৰ কৰিলে “হয়! মই এটা বন্দীক