বুদ্ধ মূৰ্ত্তিৰ চাৰিউফালে ঘূৰিবলৈ ধৰিলে। ৰণবাদ্য বজোৱা মানহঁতে তাৰ লগে লগে ৰণবাদ্য বজালে। ডেকা ডেকা মান বিলাকে বাঁহী, গগনা, বীণ লৈ গাই বজাই মূৰ্ত্তিৰ চাৰিউফালে ঘূৰিলে। চাই থাকোঁতে থাকোঁতে সেই ঠাইডোখৰত অসংখ্য মান গোট খালে। যোড়শ উপচাৰে বুদ্ধ মূৰ্ত্তিৰ পূজা হ'ল। মূৰ্ত্তি পূজি উঠি মানহঁতে সিহঁতৰ এটাইবিলাক অস্ত্ৰ আনি মূৰ্ত্তিৰ আগত থলে। তেতিয়া মিঙ্গিমাহাই সেই বুদ্ধ মূৰ্ত্তিক সাষ্টাঙ্গে প্ৰণিপাত কৰি যুঁজ জিকাবলৈ তুতি কৰিলে। আন আন মানবিলাকেও সেই মূৰ্ত্তিৰ আগত পৰি পৰি সেৱা কৰিলে। হায়! প্ৰশান্ত বুদ্ধ মূৰ্ত্তিয়ে আজি মানহঁতক অন্যায় কৰি নৰহত্যা কৰিবলৈ বৰ দিব লগাত পৰিল। অসভ্য পৰ্ব্বতীয়া মানৰ হাতত বুদ্ধদেৱৰ পৱিত্ৰ ধৰ্ম্ম কলঙ্কিত হ’ল। যি শাক্য সিংহই মানুহৰ জৰা, মৃত্যু, ৰোগ, দুখ, ক্লেশ দেখিব নোৱাৰি ৰাজমুকুট আৰু ৰাজসিংহাসন এৰি পৃথিবীতে সামান্য ধৰ্ম্ম প্ৰচাৰকৰ বেশে ‘‘অহিংসা পৰমোধৰ্ম্ম” এনে মত প্ৰচাৰ কৰিছিল; অসভ্য মানহঁতৰ হাতত পৰি তেওঁৰ পৱিত্ৰ আত্মাই আজি স্বৰ্গৰ পৰা এই পৰ্ব্বতীয়া মান কেইটাক অসমীয়াৰ বংশ লোপ কৰিবলৈ বৰ দিব লগাত পৰিল।
মানহঁতৰ পূজা দিয়া হ’ল এটাইবিলাক মানেই পূজাৰ প্ৰসাদ মদ-ভাত খালে। বেলি দেড়পৰ হোৱাত মানহঁতে বুদ্ধ মূৰ্ত্তিক আসনৰ পৰা নমালে আৰু আগৰ দৰে ভালকৈ জপাৰ
ভিতৰত সুমুৱাই থলে। ইয়াৰ পিছতে মানহঁতে সেই মেলতে
১৩