সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্দশ অধ্যায়
মানহঁতৰ দেওপুজা—প্ৰতিমা বিসৰ্জ্জন

 পিছদিনা ৰাতি পুৱাল। মানহঁতৰ সকলোৱেই মুখ হাত ধুই চেলুৱাই খাই দহোটা মান সিহঁতৰ সেনাপতি মিঙ্গিমাহা ক্যাডেউঙৰ ওচৰলৈ গ’ল আৰু সেনাপতিক ক’লে—সেনাপতি! কাইলৈ আমাৰ যুঁজলৈ যাব লাগিব নহয়?” সেনাপতিয়ে ক’লে—“এৰা।” মানহঁতে ক’লে—“তেন্তে আমাৰ আজি দেও পূজা কৰা যুগুত।” সেনাপতি—“এৰা কৰিব লাগে। সেনাপতিৰ এই আদেশ পাই মানহঁতে সিহঁতৰ বাহৰৰ ওচৰতে নৈৰ পাৰত এখন খোলা কৰিলে; সেই খোলাৰ ভিতৰতে এটা ভেটি কৰিলে। সেই ভেটিটোৰ ওপৰত দহবাৰখন গোমচেঙ্ কাপোৰ পাৰিলে; ওপৰত সাত তৰপীয়া কৰি চন্দ্ৰাতপ আঁৰিলে আৰু ভেটিটোত সিহঁতৰ পেৰা এটাৰ পৰা এহাত মান ওখ এজনা বুদ্ধৰ মূৰ্ত্তি থাপন কৰিলে। মিঙ্গিমাহাই তেতিয়া নিজে গেৰুৱা কাপোৰ পিন্ধি সেই মূৰ্ত্তিৰ ওচৰলৈ আহিল। বুঢ়াভগীয়া বাৰটা মানেও সেইদবে গেৰুৱা কাপোৰ পিন্ধি পূজাৰ আলপইচান কবিবলৈ ধৰিলে।। ডেকা মানহঁতে ওচৰৰ বাৰীবিলাকৰ পৰা ভাল ভাল ফুল আনিলে। মিঙ্গিমাহাই সেই ফুলেৰে আৰু মদে-ভাতে সিহঁতৰ ইষ্ট দেৱতা বুদ্ধক পূজা কৰিলে। প্ৰথমেই মানহঁতে মলাত কৰি ধুনা ধূপ লগাই পৱিত্ৰ