পৃষ্ঠা:Manomati.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
বন্দীশাল—শালে শিঙিয়ে

এইদৰে একেটা ঘৰতে বন্দী হৈ থাকিল। বৰভোজৰ নিশা গধূলিতে চাইটা মানে তেওঁবিলাকৰ ঘৰ সোমাই চণ্ডী বৰুৱাক হাতত ধৰি সেই ঘৰৰ পৰা উলিয়াই নি শান্তিৰাম ভকত থকা উদঙ ঘৰটোত থলেগৈ। মিঙ্গিমাহাই দুইও বৰুৱাক একেলগে ৰখাটো উচিত নেভাবিয়েই হওক বা আন কোনো কাৰণেই হওক দুইকো এইদৰে বেলেগ কৰি থলে।

 বৰভোজৰ নিশা লাহে লাহেকৈ অতীত হবলৈ ধৰিলে। হলকান্ত বৰুৱাই নিজৰ অৱস্থা গমি ভাবি থাকোঁতে থাকোঁতে ৰাতি দুপৰ হৈ গ’ল। তেওঁৰ চকুত অলপ টোপনি ধৰিলে এনেতে তেওঁ গম পালে ঘৰৰ ভিতবত যেন কোনোবা এটা মানুহ সোমাইছে। তেওঁক কাটিবলৈ কোনোবা মান আহিছে বুলি বৰুৱাই ভয়তে থৰ্ থৰ্ কৈ কঁপিবলে ধবিলে। এনেতে ঘৰৰ ভিতৰত সোমোৱা সেই মানুহজন আহি তেওঁৰ ওচৰ চাপিল আৰু হাতত সাৰে ভৰিত সাৰে ফুচফুচু কৰি সুধিলে—“আপুনি বৰুৱা হয়নে? হলকান্তই ক'লে—“হওঁ।” মানুহটোৱে ক’লে— “বাপ! তেন্তে মোৰ লগতে এই সুৰঙেৰে ওলাই আহক।” মানুহজনৰ এই কথাত হলকান্তই ঈশ্বৰক নথৈ শলাগিলে আৰু সুৰঙেৰে চোৰৰ দৰে ওলাই দুইও লগ লাগি হাবিয়ে হাবিয়ে বাট ললে আৰু কিছুমান দূৰ গৈ এজাক মানুহ লগ পালে।”

 ইফালে লক্ষ্মীকান্ত ডেকাবৰুৱাকো সেইদৰে আন এযোৰা মানুহে ঠিক একে সময়তে বৰভোজৰ নিশাই সুৰঙ্গ এটাৰে পলুৱাই নিলে।