সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
মনোমতী

“কস্মাচ্চ তে ন নমেৰস্মহাত্মন্‌ গৰীয়সে ব্ৰহ্মাপেইপ্যাদিকৰ্ত্ৰে
অনস্ত দেবেশ জগন্নিবাস ত্বমক্ষৰং সদসত্তং পৰং যৎ
ত্বমাদিদেব পুৰুষঃ পুৰাণস্ত্বমস্য বিশ্বস্য পৰং নিধানম্‌
বেত্তাহসি বেদঞ্চ পৰঞ্চ ধাম ত্বয়া ততং বিশ্বমনন্তৰূপ।”

 হলকান্ত বৰুৱাই ক’লে—‘বৰুৱাদেৱ। মই অতি গৰ্হিত কাম কৰিছোঁ। চন্দ্ৰ দিবাকৰ থাকে মানে মোৰ অখ্যাতি ৰ’ল। এতিয়া তুমি মোক ক্ষমা কৰা।” চণ্ডী বৰুৱাই হলকান্ত বৰুৱাৰ এই কথাত দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে—“বৰুৱাদেৱ! তোমাৰ হেপাহ পলালনে? মইনো এতিয়া তোমাক ক্ষমা নকৰি কি কৰিম। মোৰনো কি উপায় আছে? মানহঁতে আমাৰ সকলোটিকে নাশ কৰিব। এতিয়া মৰিবৰ সময়ত তোমাৰে সৈতেনো শতুৰালি ৰাখি মোৰ কি লাভ হব? তুমিনো কি কৰিছা? সকলো সেই নজনাজনায়ে কৰাইছে। সেই দেখি মই অকপট চিত্তেৰে তোমাক ক্ষমা কৰিলোঁ।” চণ্ডী বৰুৱাৰ এই উদাৰ ভাৱত হলকান্ত বৰুৱাই লাজ পালে আৰু মনে মনে থাকিল।

 এইদৰে বন্দীশালত দুয়ো শত্ৰুৰ পূৰ্ব্বৰ বিৰোধ জুইকুৰা নুমাল। এই বিৰোধ আগেয়েই নুমালহেতেন যদি তেন্তে আজি আমি এই কাহিনী লেখিবলৈ নেপালোঁহেতেন। কিন্তু ক’লে কি হ’ব! সকলো ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰে যেতিয়া যাক বেয়া কৰিব লাগে; তেতিয়া তাৰ মনত সেইদৰে বেয়া বুধিও দিয়ে। সেই নিশাটো আৰু তাৰ পিছ দিনা দিনৰে দিনটো দুয়ো শত্ৰুৱে