কথাত হলকান্ত বৰুৱাৰ শোক আৰু উথলি পৰিল। তেওঁ কেচুৱা লৰাৰ দৰে কান্দিবলৈ ধৰিলে। চণ্ডী বৰুৱাই আজি পোন্ধৰ ষোল্ল দিন একো নোখোৱাকৈ থাকিও থৰক্-বৰক্ কৰি উঠি আহি তেওঁৰ হাতত ধৰি সুধিলে—“কোন তুমি? কেলেই ইমানকৈ কান্দিছা?” এইবাৰ হলকান্ত বৰুৱাই নেমাতি থাকিব নোৱাৰি ক’লে—“বৰুৱাদেৱ মই। মই হলকান্ত।” চণ্ডী বৰুৱাই ক’লে—“কি! তুমি হলকান্ত বৰুৱা। তুমি দেখোন মানৰ মিতিৰ—মোৰ প্ৰধান শত্ৰু। তুমিনো বন্দীঘৰৰ ভিতৰত সোমালাহি কেনেকৈ? তুমি দেখোন মিঙ্গিমাহাৰ সখি। এজন মানৰ বৰফুকন।” হলকান্ত—“বৰুৱাদেৱ কটা ঘাত আৰু কলাখাৰ সানে কেলেই। মই মহাপাতক! মোৰ মুখ সজ্জনে চাব নেপায়; তোমাক হিংসা কৰাৰ ফল মই হাতে হাতে পালোঁ। মই সবংশে নাশ গ'লোঁ। মোকো পিশাচহঁতে তোমাৰ দৰেই বন্দী কৰিছে। মানহঁতে আমাক দুইকো কাটিব। মৰিবৰ সময়ত তুমি মোৰ সকলো দোষকে ক্ষমা কৰিবা।” হলকান্ত বৰুৱাৰ এই কথাত চণ্ডী বৰুৱাৰ মনত কিবা এটা স্বৰ্গীয় ভাবৰ উদয় হ’ল। তেওঁ হলকান্ত বৰুৱাক একো উত্তৰ নিদি ওপৰলৈ চাই হাত দুইওখন যুৰি গাবলৈ ধৰিলে—
“ধ্যায়তো বিষয়ান্ পুংসঃ সঙ্গস্তেষুপজায়তে
সঙ্গাৎ সংজায়তে কামঃ কামাৎ ক্ৰোধোহভিজায়তে
ক্ৰোধাদ্ভবতি সন্মোহঃ সন্মোহাৎ স্মৃতিবিভ্ৰমঃ
স্মৃতিভ্ৰংশাদ্বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি।”