পৃষ্ঠা:Manomati.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ত্ৰয়োদশ অধ্যায়
বন্দীশাল-শালে শিঙিয়ে

 বৰভোজৰ আগদিনা মিঙ্গিমাহাই যি মুহূৰ্ততে হলকান্ত বৰুৱাক বন্দী কৰালে সেই মুহূৰ্ত্ততে হলকান্ত বৰুৱাৰ জ্ঞানচকু মুকলি হ’ল। তেতিয়াতে তেওঁ বিশদৰূপে বুজিলে তেওঁ কেনে গৰ্হিত কাম কৰিছে। তেতিয়াহে তেওঁ বুজিলে স্বদেশদ্ৰোহীৰ কি পৰিণাম। তেতিয়াহে তেওঁ জানিলে পবলৈ হুল চাচিলে সেই হুলত নিজেও ফুটি মৰিব লাগে। মানহঁতে তেওঁক বন্দী ঘৰলৈ লৈ যাওঁতে তেওঁ খঙতে বেজাৰতে আৰু অনুতাপত দাঁত- মুখ কামুৰি গ’ল। কিন্তু তেওঁ তেতিয়া দাঁতমুখ কামুৰিলেও তেওঁৰ একো উপায় নহ’ল; কাৰণ তেওঁ আগেয়েই হাতৰ কুঠাৰ কপালত মাৰিছে। মানহঁতে তেওঁক টানি নি চণ্ডী বৰুৱা থকা ঘৰটোত সুমাই খোৱাত তেওঁ ঘৰ সোমায়েই তেওঁৰ পূৰ্ব্বশক্ৰ চণ্ডী বৰুৱাক দেখা পালে। সেই মুহূৰ্ত্ততে তেওঁৰ ভালেমান কথা মনত পৰিল। জটীয়া বাবাজীয়ে তেওঁক কি মন্ত্ৰণা দিছিল; তেওঁৰ গুণৱতী ভাৰ্য্যাই তেওঁক কি পৰামৰ্শ দিছিল সকলোবিলাক কথা মনত পৰি তেওঁ অথিৰ হ’ল। শোকতে আৰু মনৰ আবেগতে বন্দীঘৰৰ ভিতৰত অহঙ্কাৰী হলকান্ত বৰুৱাই হুক্ হুক্ কৰি কান্দিলে। ভালেখিনি পৰ কান্দি থাকোঁতেই চণ্ডী বৰুৱাই সাৰ পাই সুধিলে—“কোন তুমি কেলেই কান্দিছা?” তেওঁৰ এই