সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অধ্যায়।
বৰনগৰীয়া বৰুৱা আৰু হলকান্ত বৰুৱা

 মতা জাকৰ নাওঁ দুখান যত চাপিছিল সেই ঠাই ডোখৰৰ নাম “যুগীৰ পাম।’’ এই ঠাই ডোখৰ মানাহ নদীৰ পাৰতে— বৰপেটাৰ পৰা চাৰি মাইল মান দূৰ। আজিকালি (১) ইয়াত কুৰিঘৰ বৰনগৰৰ আৰু বৰপেটাৰ পমুৱা মানুহৰ ঘৰ আছে। ইয়াত বাজে এই যুগীৰ পামৰ তিনিউফালে হাবি। সেই হাবি অগাধ অটব্য। ভালুক আৰু বাঘেৰে ভৰা। আন কি সাঁজ লাগিলেই অকলশৰীয়াকৈ দুই এজন মানুহ ৰাজ আলিয়েদিও যাব নোৱাঁৰে। আমি যি (২) সময়ৰ কথা লিখিছোঁ সেই সময়ত বৰপেটাৰে পৰা “চাউলখোৱা মানাহৰ” ইপাৰ সিপাৰ লোকে লোকাৰণ্য আছিল। ডোঙ্গৰকুচিৰে পৰা ইফালে আজি কালি বজালীলৈ যোৱা বাটলৈকে সিফালে বেঁকীলৈকে মানুহৰ বসতি আছিল। ঈশ্বৰৰ ইচ্ছাত আজিকালি এই বিলাক ঠাই অগাধ-অটব্য অৰণ্যত পৰিণত হৈছে। “যুগীৰ পামৰ” তিনি চাৰি মাইল মান আঁতৰত উত্তৰে আজিকালি “হাউলি” নামেৰে এডোখৰ মুকলি ঠাই আছে। এই ঠাইডোখৰ প্ৰায় আাধা মাইল দীঘল আৰু প্ৰায় পোৱা মাইল বহল। এই ঠাইডোখৰ উত্তৰ আৰু পূবেদি মানাহ নদী। ইয়াত আজিকালি দহবাৰ- ঘৰমান নেপালীৰ ম’হৰ খুটি আৰু কেইখৰমান পমুৱাৰ বস্তিত বাজে আন একো নাই। হাউলিৰ পচিমে এডোখৰ হাবি আছে।