মিঙ্গিমাহাই যাতে তোমালোকৰ ধৰ্ম্ম নষ্ট কৰিব নোৱাৰে এই বিষয়ে মই চেষ্টাত থাকিম। তাক মই ভুলাই ৰাখিম। বাইটি! মোৰ আৰু এটা কথা আছে। মই তোমাক এই গলপতা ধাৰ, মনি থোপা আৰু কেৰু যোৰ দিলোঁ। ঈশ্বৰে তোমালোকক মুকলি কৰি নিলে সময়মতে এই চিঠিখন তুমি মেলি পঢ়িবা আৰু যাক দিব লাগে দিবা। বাইটি! ভনীটি! যাওঁ দেই।” পমীলা—“আপুনি এনে সজকাম আৰু আমাক দয়া কৰাৰ বাবে আমি আপোনাক কি দিম। আমিও ঈশ্বৰক খাটিছোঁ তেওঁ যেন আপোনাক সুখী কৰে।” পদুমীয়ে পমীলাৰ এই কথাত কলে—‘বাইটি! ঈশ্বৰে মোক আৰু ইহ জনমত কি সুখী কৰিব। যেতিয়া এই দেহটো এৰিম তেতিয়া ঈশ্বৰে সুখী কৰিলেও কৰিব পাৰে। বাইটি! যাওঁ দেই। মই মাজে মাজে তোমালোকলৈ ফলমূল পঠাই থাকিম। ” এই বুলি পদুমীয়ে দুইকো দুটা চুমা খালে। তাৰ পাছত ওলাই আহি পৰীয়া মানটোৰ লগ লাগিল। তেতিয়া পৰীয়া মানটোৱে আৰু পদুমীয়ে দুইও কিবাকিবি কেতখিনি কথা কৈ অলপ আঁতৰলৈ গ’ল। কিছুমান পৰৰ মূৰত দুইও সিহঁতৰ গাৰ ওচৰতে ভৰিৰ শবদ যেন শুনিলে।। পদুমীয়ে পৰীয়াটোক ক’লে—“পৰীয়া! কোনোবা মানুহ আহিছে। সাৱধান হ। মই যাওঁ।” এই বুলিয়েই পদুমী এন্ধাৰে এন্ধাৰে বাহৰৰ কালে বাট ললে। পৰীয়াটোৱে তাৰ ঘৰটোৰ ফাললৈ আহিবলৈ ধৰিলে; এনেতে সমুখতে এটা মানুহ লগ পালে। পৰীয়াটোৱে
পৃষ্ঠা:Manomati.pdf/১৭৭
অৱয়ব