পৃষ্ঠা:Manomati.pdf/১৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৭২
মনোমতী

এটা ভাঙিলে। পানীবিলাক মলাটোত ধৰিলে সেই নাৰিকলৰ পানী মনোমতীক এটুপি খুৱালে; নিজেও এটুপি খালে। তাৰ পিছত টেঙা আৰু নাৰিকল অলপ অলপ খাই সুস্থ হৈ পমীলাই কলে—“আপোনাৰ উপকাৰ নাপাহৰোঁ।” পদুমী— বাইটি! চাওঁ বৰুৱাৰ জীয়েকক ইফালে আহিব দিয়াচোন।” পদুমীৰ এই কথাত মনোমতী আহি কাষ চাপিল। পদুমীয়ে তেওঁৰ গলত সাবট্‌ মাৰি ধৰি কবলৈ ধৰিলে—“ভনিটী! তুমি। বৰ দুখ পালা নহয়নে? তুমি ডাঙৰৰ ঘৰৰ জীয়াৰী। তোমাৰো এনে বিলাই হ’ল।” পদুমীৰ এই কথাত মনোমতীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। পদুমীয়ে কাপোৰৰ আঁচলেৰে নিজৰ চকুৰ পানী টুকিবলৈ ধৰিলে। তাৰ পিছত তেওঁৰ কাপোৰৰ আঁচলেৰে মনোমতীৰ চকুৰ পানী মছি দি টানি আনি গালত চুমা এটা খাই কলে—“ভনিটী! ঈশ্বৰে তোমাক সুখী কৰক। ঈশ্বৰে তোমাক এই পাপিষ্ঠহঁতৰ হাতৰ পৰা সৰুৱাওক।” পদুমীৰ এই কথাত পমীলাই কলে—“আমাৰ দেখোন মানৰ হাতৰ পৰা সাৰিবৰ একো উপায় নাই। এনেস্থলত নো ঈশ্বৰে আমাক কেনেকৈ সুখী কৰিব?” পদুমী—“বাইটি! চিন্তা নকৰিবা। তোমালোকক পলুৱাই দিবলৈ মই এটা উপায় কৰিছোঁ ঈশ্বৰে যদি সিদ্ধি কৰে। কালিয়েই হওক বা পৰহিয়েই হওক বা পাচ-ছয়দিন পলমেই হওক—তোমালোকক এযোৰা মানুহে সিন্ধি খানি লৈ যাব। তোমালোক এই কেইদিন সজাগে সাৱধানে থাকিবা।