সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
কৰ্ম্মকুশলা পদুমী

আৰু মনোমতী দুইও কাণজাগি চকুমুদি শুইছিল। পদুমী ঘৰৰ ভিতৰত সোমোৱা মত্ৰেই দুইও গম পালে। দুইও সখীয়েকে গিৰি কৰি উঠি বহিল আৰু কোনোবা মানে তেওঁবিলাকক কাটিবলৈ বা দৌৰাত্ম্য কৰিবলৈ সোমাইছে বুলি ভয়তে থৰ ধৰি কঁপিবলৈ ধৰিলে। এনেতে পদুমী গৈ তেওঁবিলাকৰ ওচৰ চাপিল। পমীলাই মাত দি সুধিলে—“কোন তুমি কেলেই আহিছা?” পদুমীয়ে কলে—“বাইটি! মোৰ নাম পদুমী। মই সেনাপতিৰ তিৰুতা৷ ” পমীলা—“আপোনাক আমি নাৱতে দেখিবৰে পৰা ভাবিছোঁ আপুনি অসমীয়া গাভৰু। আপুনিনো মানৰ সেনাপতিৰ তিৰুতা হ’ল কেনেকৈ?” পমীলাৰ এই কথাত পদুমীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক’লে—“বাইটি! সেইবোৰ ভালেমান কথা। কব লাগিলে ওৰ নপৰে। তাতে মোৰ সময় অলপ! মই পলাইহে আহিছোঁ ” পমীলা—“আপোনাৰ দেখোন আমালৈ বৰ মৰম।” পদুমী—“বাইটি! তোমালোক আজি কেইদিন নিৰাহাৰে আছা। মই এই চাইটি নাৰিকল আৰু এই কেইটি জৰা টেঙা আনিছোঁ। বাইটি! লোৱা তোমালোকে ইয়াকে খাই অলপ সুস্থ হোৱা। আপদত নিয়ম নাই। বাইটি! কাটা।" এই বুলি সেই ফল কেইটি আগবঢ়াই দিলে। এখন কটাৰীও দিলে আৰু এটা মলাও দিলে। পমীলাই গোটেইবিলাক ললে কিন্তু কটাৰীখন ওলটাই দি কলে—“কটাৰী নেলাগে। মোৰ লগতে এখন আছে।” এই বুলি কৈ পমীলাই নাৰিকল