পৃষ্ঠা:Manomati.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
মনোমতী

বুজাই কবলৈ ধৰিলে—“ভাইহঁত! মোৰ মনেৰে হলে আমাৰ সিজাক মানলৈ বাটচোৱা যুগুত। চন্দ্ৰকান্ত ৰজাই যেনে তেনে এইবাৰ মৰোঁ জীওঁ কৰি যুঁজিব। তেওঁ ভাটীৰ ফালৰ পৰাও সৈন্য আনিছে। তাৰ ওপৰঞ্চি যুঁজখনো কোম্পানিৰ ৰাজ্যৰ ওচৰতে হব। কি জানি কোম্পানিয়ে তলে তলে চন্দ্ৰকান্ত ৰজাক সহায়কে কৰেই! এনেবিলাক স্থলত আমাৰ মান অলপকৈ গ’লে আমি সেই যুঁজত ঘাটিব পাৰোঁ। সেই দেখি আমি ইয়াতে সিজাক সৈন্যলৈ বাট চাওঁ। দক্ষিণ পাৰৰ শ্যাম আৰু বগলি ফুকনলৈকো সম্বাদ পঠাওঁ।” মিঙ্গিমাহাৰ এই কথাত সকলোবিলাকেই মান্তি হ’ল আৰু সকলোৱে মেল ভাঙি ঘৰাঘৰি গ’ল।