এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নামৰ লগে লগে গিৰিপ্ গিৰিপ্ কৰি নাওঁ চলিবলৈ ধৰিলে। মতাবিলাকক নাম গোৱা শুনিয়েই হব পায় আগৰ নাৱৰ তিৰুতাবিলাকেও গাবলৈ ধৰিলে:—
“ইবাৰে উদ্ধাৰ কৰা মোকে
এ হে গোপীনাথ বাৰেক উদ্ধাৰ কৰা মোকে।
“চক্ৰবাত অসুৰে কৃষ্ণক নিলে হৰি।
আকাশত মাৰিলা গলত চিপি ধৰি॥
••• ••• ••• •••
কৃষ্ণক হিয়াত লই পৰিল ভূমিত।
জুৰাইল তোমাক পায়া যশোদাৰ চিত॥
••• ••• ••• •••
ছলে হামি তুলি তুমি দেখাইলা মাৱত।
গৰ্ভৰ ভিতৰে আছে সমস্ত জগত॥
এইদৰে নামে পদে চাৰিউখান নাওঁ যাবলৈ ধৰিলে।
চাৰিউখান মানাহেদি উজাল। প্ৰায় পাঁচ মাইল বাট গৈ
মতাজাকৰ নাওঁ দুধান এখান গাওঁ পালে। তাতে সেই নাওঁ
দুখান চাপিল। তিৰুতা জাকৰ নাও দুখান নৰৈ উজাই যাবলৈ
ধৰিলে।