মিঙ্গিমাহা—“হাদিৰা চকিতনো তেওঁ কি কৰিছে?
কামডেঙ, —“তেওঁ হেনো আমাৰ লগত ৰণ দিবলৈ মন কৰি সৈন্য গোটাইছে।”
মিঙ্গিমাহা—“তেওঁনো কিমান সৈন্য গোটাইছে আৰু কেনে বিধৰনো সৈন্য গোটাইছে?”
কামডেঙ্—“তেওঁ হেনো চাৰি পাঁচ হাজাৰ অসমীয়া সৈন্য গোটাইছে। আৰু তাৰ লগতে বৰ ডাঙৰ ডাঙৰ পাগুৰিৰে সৈতে বৰ দীঘল দীঘল ক’ৰবাৰ কেতখিনি সৈন্য আনিছে।
কামডেঙে এই কথা কৈ উঠাৰ পাছত মিঙ্গিমাহাই তেওঁৰ ৰণুৱাবিলাকক সুধিলে—“ভাইহঁত! সকলো কথা শুনিলি। এতিয়ানো আমাৰ কি কৰা যুগুত? আমাৰ সিজাক ৰণুৱাও এতিয়ালৈকে আহি নাপালে। আমি সিহঁত অহালৈ ৰৈ থাকিম নে এতিয়াই যুঁজলৈ যাম?” “তহঁতৰ কি মত?” মিঙ্গিমাহাৰ এই কথা শুনি ডেকা তৰপৰ মানবিলাকে একেমুখে গৰজনি মাৰি কলে—“সেনাপতি। আদেশ কৰক আমি অতি শীঘ্ৰে যুঁজলৈ যাওঁ।” সিহঁতৰ এই কথা শুনি মিঙ্গিমাহাই বুঢ়া তৰপৰ মানবিলাকক সুধিলে—“ভাইহঁত তহঁতৰ কি অভিপ্ৰায়?” মিঙ্গিমাহাৰ এই কথাত লাইপুঙ্ নামেৰে বুঢ়া মান এটাই কলে—“সেনাপতি! মোৰ বিবেচনাৰে হলে আমাৰ সিজাক মানলৈ ৰৈ থকা যুগুত।” লাইপুঙৰ এই কথা ডেকা তৰপৰ মানবিলাকে ভাল নাপালে। মিঙ্গিমাহা ক্যাডেউঙে কিন্তু এইটোকে সজ বুধি যেন ভাবি ডেকাহঁতক