এখোজকে ভৰি নিদিবা। যদি তোমালোকে কোম্পানিৰ ৰাজ্যৰ ভিতৰত কোনো মানুহৰ ওপৰত অত্যাচাৰ কৰা অথবা কোম্পানিৰ ৰাজ্যৰ ভিতৰত সোমোৱা তেন্তে নিশ্চয় বুজিবা কোম্পানিৰে সৈতে তোমালোকৰ যুঁজ লাগিব। কোম্পানি বাহাদুৰৰ বৰ হিলৈৰ আগত—তোমালোক বৰ্মিজ শিমলুতুলা উৰাদি উৰিবা। সাৱধানে থাকিবা৷” ইতি
“গোৱালপাৰা”, ১৮২৩। |
মহাত্মা ডেভিড্চন্ চাহাবৰ এই চিঠি শুনি মানহঁত খঙতে জ্বলি উঠিল। ডেকা তৰপৰ মানবিলাকে দম্ভালি কৰি কবলৈ ধৰিলে—“কি! ফিৰিঙ্গি বেপাৰীহঁতৰ ইমান সাহ! আমি মানক এইদৰে চিঠি লেখে! মৰোঁ বা জীওঁ এবাৰ সিহঁতকো চাম। সেনাপতিয়ে আদেশ কৰিলে আমি কোম্পানিৰ লগতো যুঁজিম।” সিহঁতৰ এইবিলাক কথাত মিঙ্গিমাহাই কলে—“ডেকাহঁত! অলপ মনে মনে থাক। মই আৰু কিছু কথা সুধি লওঁ।” সেনাপতিৰ এই কথাত মান ডেকাহঁত নিজম পৰিল। মিঙ্গিমাহাই চিঠি লৈ অহা মানটোক সুধিলে —‘কামডেঙ্! অসমৰ ৰজা ক’ত আছে? তই গোৱালপাৰাত কি শুনিলি? মানটোৱে ক’লে—“সেনাপতি! মই ভালকৈ জানি আাহিছোঁ চন্দ্ৰকান্ত ৰজা হেনো গোৱালপাৰাৰ ইপাৰে হাদিৰা চকিত কোঠ মাৰি আছে।”