মানৰ মেল
সেই নিশা মানহঁতৰ বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ
পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখহাত ধুই
চেলুৱই খাই মিঙ্গিমাহাৰ ঘৰলৈ আহিল। মিঙ্গিমাহাই এটাইবিলাককে
বহিবলৈ দিলে। সিহঁতে দিহাদিহি বহিলত মিঙ্গিমাহা
তিলোৱাই আগ নিশা আহি পোৱা মান কটকীটোক মতাই
আনি তাৰ হাতৰ পৰা চিঠিখন লৈ সেই চিঠিখন দোৱনীয়া
এটাক পঢ়িবলৈ দিলে। দোৱনীয়াটোৱে চিঠিখন পঢ়ি শুনালে।
তাত লেখা আছিল—
(ক) “মানৰ সেনাপতি—
তোমাৰ চিঠি পাইছোঁ। তুমি চন্দ্ৰকান্ত ৰজাক সহায়
নকৰিবলৈ আমাক হুমিয়াই চিঠি লিখিছা। মানৰ গৰজনিলৈ
কোম্পানি বাহাদুৰে তিলাৰ্দ্ধ মাত্ৰও ভয় নকৰে এইটো ধুৰুব
বুজিবা। চন্দ্ৰকান্ত ৰজাক সহায় কৰা নকৰাৰ বিষয়ে এতিয়াও
একো থিৰাং হোৱা নাই। শুনিছোঁ তোমালোকৰ অত্যাচাৰত
হেনো অসম দেশ জ্বলা-কলা হ’ল। যি কি নহওঁক তোমালোকে
এটা কথাত সাৱধান থাকিবা। অসম ৰজাৰ ৰাজ্যত যি
কৰিছা কৰিছা, কিন্তু তোমালোকে কোম্পানিৰ ৰাজ্যৰ ভিতৰত