পৃষ্ঠা:Manomati.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
মনোমতী

বিলাকৰ জাতকুল ৰ’লেহে ৰোৱা।" শান্তিৰাম—“ঈশ্বৰে যেন তেওঁবিলাকক ৰক্ষা কৰে।” পদুমী—“এৰা মইও হৰিৰ চৰণত খাটিছোঁ তেওঁবিলাকৰ ধৰ্ম্ম যেন ৰক্ষা পৰে।” এইদৰে কথা বতৰা পাতি উঠি পদুমীয়ে কলে—“প্ৰিয়তম। এতিয়া মই যাওঁ বিদায় দিয়ক। কাইলৈ আহি মই আপোনাক মুকলি কৰি দিম।” এই কথা কৈ পদুমী ঘৰলৈ আহিল। শান্তিৰাম ভকত আকৌ বন্দীশালতে মৰাৰ দৰে পৰি থাকিল।