পৃষ্ঠা:Manomati.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
শান্তিৰাম ভকত

শান্তিৰাম—“পদুমী। ধন্য তুমি। বাৰু মই আৰু অলপ কথা সোধোঁ। আমাৰ বন্দীবিলাকনো কোন ক’ত আছে?” পদুমী— “প্ৰিয়তম। আপোনাৰ এই ঘৰৰ সৌ পচিমৰ ঘৰটোত বৰনগৰীয়া বৰুৱা আছে। আপোনাৰ সৌ উত্তৰৰ ঘৰটোত এজন ডেকা বৰুৱা আছে। গাৱঁৰ ওচৰৰ সোঁ ঘৰটোত বৰনগৰীয়া বৰুৱাৰ জীয়েক আৰু তেওঁৰ সখীয়েক আাছে।” শান্তিৰাম—“মানহঁতে কেলেইনো আমাক এনেকৈ বন্দী কৰি থৈছে?" পদুমী— “প্ৰিয়তম। এই পিশাচহঁতৰ একো সঁজাত নাই। সিহঁতে কৰিব নোৱাৰা একোৱেই নাই। কেতিয়াবা সিহঁতে আমাৰ মানুহ বিলাকৰ যাকে যাকে সাহিয়াল দেখে তাকে তাকে সিহঁতৰ সাজ-পাৰ পিন্ধাই জাতকুল মাৰি দোৱানীয়া কৰি লয়। কেতিয়াবা সিহঁতে বন্দীবিলাকক কাটি পেলায় আৰু কেতিয়াবা কেতিয়াবা বন্দীবিলাকক ঘৰৰ ভিতৰত সুমাই লৈ দুৱাৰ বান্ধি ঘৰটোত জুই লগাই দি পুৰি মাৰে।” শান্তিৰাম—‘মাইকী মানুহবিলাককো তাকে কৰেনে?” পদুমী—“প্ৰিয়তম! ইহঁতে মাইকী মানুহবিলাককে প্ৰায় তাকে কৰে। কিন্তু ৰূপহী গাভৰু পালে জাতকুল মাৰি সিহঁতৰ তিৰুতা কৰি লয়।” শান্তিৰাম—“তুমি কব পাৰানে বৰনগৰীয়া বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক আৰু তেওঁৰ সখীয়েকক মানহঁতে ভালে ৰাখিছেনে নাই?” পদুমী—“প্ৰিয়তম! ইহঁতে তেওঁবিলাকৰ জাতকুল এতিয়াও মাৰিব পৰা নাই। কিন্তু আজি সেনাপতি

তেওঁবিলাকৰ ঘৰলৈ মদ খাই গৈছে। আজি তেওঁ-

১১