এক উপায় কৰি আপোনাৰ আশ্ৰয়দাতা বৰনগৰীয়া বৰুৱাক, তেওঁৰ জীয়েক আদিক উদ্ধাৰ কৰিব পাৰিব।” শান্তিৰাম— “পদুমি! মইনো তেওঁবিলাকক উদ্ধাৰ কৰিবৰ কোন? সকলো হৰিৰ ইচ্ছা৷ তেওঁ উদ্ধাৰ কৰিব লাগে যদি কৰিব।” পদুমী- “মোৰ সামান্য বুধিৰে এইটো বুজোঁ যেই সেই কামকে হৰিৰ ইচ্ছা বুলি একো নকৰি হাত সাবটি বহি থাকিলে হৰিয়ে আহি সেই কাম কৰি নিদিয়ে। পুৰুষৰ পুৰুষাৰ্থ সততে কৰা যুগুত। সেই দেখি মই আপোনাক খাটিছোঁ আপুনি দৰাচলতে যদি পুণ্য সাঁচিব খোজে তেন্তে আপুনি ওলাই গৈ বৰনগৰীয়া বৰুৱা আৰু আন আন বন্দী সকলৰ উদ্ধাৰৰ চেষ্টা কৰকগৈ। মই যেনে তেনেকৈ কৈ মেলি আপোনাক পলুৱাই দিওঁ।” শান্তিৰাম— “লাহৰি! তোমাৰ কি হব?” পদুমী—“মই নিজৰ বিষয়ে থিৰ কৰি থৈছোঁ। আপুনি চিন্তা নকৰিব।” শান্তিৰাম—“কি থিৰ কৰিছা কোৱাচোন শুনো।” পদুমী—“মোক আপুনি সেই কথা নুসুধিব। কাৰ্য্যান্তৰে জানিব পাৰিব। বাৰু মই আপোনাক এটা কথা সোধোঁ। মইও যদি ইহঁতৰ হাতৰ পৰা পলাই যাব পাৰোঁ তেনেহলে আপুনি জানো মোক গ্ৰহণ কৰিব?” শান্তিৰাম —“কোনো কথা নাই। মই গ্ৰহণ কৰিম।” পদুমী—“কিন্তু মই যে চুৱা গৈছোঁ?” শান্তিৰাম—“পৰাচিত কৰি তোমাক শুদ্ধ কৰি লম।” শান্তিৰামৰ এই কথাত পদুমীৰ চকুৰে দুধাৰ লো ব'লে। তাৰ পাছত সেই লো মুছি কলে—“প্ৰিয়তম! ঈশ্বৰে কৰে যদি মইও ইহঁতৰ হাতৰ পৰা পলাই যাম। আপুনি চিন্তা নকৰিব। ”
পৃষ্ঠা:Manomati.pdf/১৬৪
অৱয়ব