মৰিব পৰাটো সহজ হোৱা হলে মইয়ে এতেদিনে জীয়াই নেথাকিলোঁহেতেন।” শান্তিৰাম—“বাৰু মই যদি আজি মৰোঁ মোৰ লগতে তুমিও মৰিব পাৰিবানে?” পদুমী—“মোৰ এতিয়াও মৰিবলৈ সাহ নহয়। মই নিজে মৰিম বুলি মৰিব নোৱাৰোঁ। সদ্যহতে মোৰ মৰিবলৈ ইচ্ছাও নাই। মোৰ অলপ কাম সাধিবলৈ বাকী আছে।” শান্তিৰাম—“তুমি মৰিবলৈ ভয় কৰিলা। বাৰু মই অকলৈ মৰিলে তোমাৰ মনত কিবা বেজাৰ হবনে?” পদুমী— “মই পাপিনীৰ কথা শুনে যদি আপুনি মৰিবৰ বাঞ্চা এৰক। আত্মহত্যা মহাপাপ। আত্মঘাতীৰ হেনো ইকালতে৷ সুখ নাই আৰু সিপুৰীতো গতি নাই। আপোনাৰ ভালেমান দিনকাল আছে। সংসাৰত যি কামৰ নিমিত্তে আহিছে আগেয়ে তাক কৰক। যেতিয়া মৰিবৰ সময় আাহে তেতিয়া মৰিবইতো। সদ্যহতে মই উপায় কৰি আপোনাক পলুৱাই দিওঁ। আপুনি ওলাই গৈ মোলৈ সকলো মৰমকে ত্যাগ কৰি সুখেৰে আকৌ গৃহস্থী কৰকগৈ। মোৰ নিচিনা পাপিনী তিৰোতা এজনীৰ নিমিত্তে আপোনাৰ বহুমূলীয়া জীৱনটোক কেলেই কষ্ট দিব লাগিছে?” শান্তিৰাম—“লাহৰি! মানুহে হেনো সংসাৰত আশাৰ বলতেহে জীয়াই থাকে। মোৰ জীৱনৰ দেখোন সকলো আশাই লোপ পালে; এনেস্থলত মোৰনো জীয়াই থকাৰ সকাম কি? মই ইয়াতেই থাকিম। মানহঁতে মোক কাটি পেলাওক সিও ভাল হব।” পদুমী—“আপুনি এইটো অবুজৰ কথা কলে। আপুনি জনা বুজা মানুহ। আপুনি ইয়াৰ পৰা ওলাই যাব পাৰিলে
পৃষ্ঠা:Manomati.pdf/১৬৩
অৱয়ব