কলে—“প্ৰিয়তম! আপুনি আমাক ৰংপুৰত এৰি থৈ আহিবৰ ছমাহ মানৰ মূৰত এই মানহঁত আহি ৰংপুৰ পালে। তাতে সিহঁতে আন আন মানুহৰ লগে লগে মোৰো আই, ভাই, বোপাই, ককাই এটাইবিলাককে কাটিলে। আমাৰ থকা ঘৰ দুৱাৰবিলাক জুই লগাই পুৰিলে। সকলোকে কাটিমাৰি পিশাচহঁতে অকল পাপিনীকে সংসাৰত পাপ বঢ়াবলৈ জীয়াই ৰাখিলে।” শান্তিৰাম—“তোমাকনো মানহঁতে কিয় নাকাটিলে? তুমিনো তাৰ পাছত কি কৰিছিলা?” পদুমী—“বেটীৰ পাপৰ কথা কি কম। বেটীৰ ৰূপেই হৰিণাৰ মাংসৰ দৰে বৈৰী হ’ল। পিশাচহঁতৰ সেনাপতিয়ে মোক প্ৰাণে নামাৰি মোৰ গাটো চুৱা কৰিলে। মই এতিয়া মানৰ সেনাপতিৰ তিৰুতা।”
শান্তিৰাম—(কান্দি আৰু চকুৰঙা কৰি) “কি! মানৰ সেনাপতিৰ তিৰুতা! হাঁয় বিধতা। তুমি মোক এই কথা শুনাবলৈকেহে এতেদিন জীয়াই ৰাখিছিলা? মোৰ মূৰত ইন্দ্ৰৰ চৰগ নপৰিল কেলেই! মই আগেয়ে মৰিব নেজানিলোঁ কেলেই।” এই বুলি শান্তিৰাম ভকতে আকৌ কান্দিবলৈ ধৰিলে। ভালেখিনি পৰৰ মূৰত শোক সামৰি চকুৰ লো মছি কবলৈ ধৰিলে—“পদুমি! লাহৰি! তোমাক মই নোদোষো। মোৰ এই কপালখনকহে দোষিম; তুমি কি কৰিবা। সকলো সেই নজনাজনায়ে কৰিছে। কিন্তু মই এতেদিনলৈ জীয়াই থাকিব নেলাগিছিল। বাৰু পদুমি! এটা কথা সোধোঁ। কোৱাচোন, এনেকুৱা অৱস্থাত মৰাটো সুখ নে দুখ।” পদুমী—“মই সেই কথা কেনেকৈ কম।