পৃষ্ঠা:Manomati.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
শান্তিৰাম ভকত

দুইৰো চকুৰে দুধাৰ লো ববলৈ ধৰিলে। অলপ মনক সুস্থিৰ কৰি শান্তিৰাম ভকতে কলে—“পদুমী। তুমি মোক এৰি ইমান দিনে কেনেকৈ আছিলা? বুকৰ জীউ। মই তোমাক নেপাই কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। মোৰ অন্তৰখনক এতেদিনে একুৰা তুহঁৰ জুয়ে পুৰি দেই মাৰিছে। আজি তোমাক দেখি আৰু তোমাৰ কথা শুনি মোৰ নুমুৱা জুইকুৰা শতগুণে জলি উঠিল। লাহৰি! এতেদিনে ক’ত আছিলা কি কৰিছিলা। কোৱাচোন।” পদুমীয়ে ভকতৰ এই কথা শুনি চকুৰ লো টুকি টুকি কবলৈ ধৰিলে—“আপুনি শোক নকৰিব। শান্ত হওক। মই সকলো কথাকে কম। সদ্যহতে আপুনি আজি এই কেইদিন লঘোনে আছে। মই আপোনালৈ অলপ বস্তু আনিছোঁ খাওঁক।” পদুমীব এই কথাত শান্তিৰাম ভকতে কলে-—“পদুমি! মোৰ ভোকেই বা কি লঘোনেই বা কি, খোৱাই বা কি মৰাই বা কি, সকলো সমান।” পদুমী—“নহয় প্ৰিয়তম! দুখনি চৰণত ধৰিছোঁ মই দুটি ফল আনিছোঁ খাব লাগে। খাই অলপ সুস্থ হব লাগে।” পদুমীৰ এই কথাত শান্তিৰামে কলে—“বাৰু! কি আনিছা দিয়া” এই বুলি হাত মেলিলে, পদুমীয়ে নাৰিকলটো আৰু টেঙাটো আগবঢ়াই দিলে। শান্তিৰাম ভকতে কটাৰীৰে জৰা টেঙাটো কাটিলে, নাৰিকলটো ভাঙিলে; তাৰ পাছত ইষ্ট দেৱক স্মৰণ কৰি পদুমীৰ আক্ৰোশ এৰাব নোৱাৰি সেই টেঙা আৰু নাৰিকল খাই সুস্থ হৈ পদুমীক সুধিলে—“কোৱাচোন পদুমি! তুমি এতেদিনে ক’ত আছিলা, কি কৰিছিলা?” পদুমীয়ে