পৃষ্ঠা:Manomati.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
মনোমতী

আজি চাৰি পাঁচ দিনে জলগ্ৰহণ কৰা নাছিল। ভোক লঘোনৰ ৰাই-জাঁইত তেওঁ খেৰ এসোপাৰ ওপবত পৰি তন্দ্ৰা গৈ আছিল। সেই তন্দ্ৰাৰ ভিতৰতে কিবাকিবি সপোন দেখিছিল। তেওঁ দেখিছিল তেওঁ যেন তাহানিখনৰ ৰংপুৰত আছে। তাত যেন তেওঁ এটি চিকন বস্তু পাইছে। সপোনতে ভকতে ফেকুৰি ফেকুৰি কান্দি উঠিল; আৰু এবাৰ শুনা নুশুনাকৈ “পদুমী” বুলি চিয়ঁৰ মাৰি উঠিল। এনেতে তেওঁৰ তন্দ্ৰা ভাঙিল। সিবাগৰৰ পৰা ইবাগৰ মাৰি চকু মেলিলে। চকু মেলিয়েই দেখিলে যে দৰাচলতে তেওঁৰ ওচৰতে এজনী গাভৰু বহি আছে। শান্তিৰামে গাভৰুজনী বহি থকাটোও আচল নে সপোন এইটো থিৰ কৰিবলৈ চকু ইটা মোহাৰিলে। চকু মোহাৰি চাই দেখে যে সেই গাভৰুজনী তেতিয়াও তেওঁৰ চকুৰ আগতে বহিয়েই আছে। শেহাই শেহাই সুধিলে— “কোন তুমি? কেলেই ইয়ালৈ আহিছা?” পদুমী—“মই পদুমী।” শান্তিৰামে উচাব খাই কলে—“তুমি পদুমী? তুমি মোৰ সেই প্ৰাণৰ পদুম? জীউ, আহাঁ তোমাক বুকৰ ভিতৰত সুমাই থওঁ।” পদুমী—“মোক নুচুব। মোক চুই দেহটো অশুচি নকৰিব।” শান্তিৰাম-—“কিয় পদুম? কিয়? ” পদুমী— “মোৰ দেহটো অশুচি হৈছে। আপুনি এতিয়াও ভালে আছে।” শান্তিৰামে পদুমীৰ এই কথা শুনিলে। কথাৰ ধাল বুজিব পাৰিলে। ৰ লাগি একুৰা জুইৰ পোহৰত শান্তিৰামেও পদুমীৰ ফাললৈ চাই ৰ’ল, পদুমীয়েও শান্তিৰামৰ ফালে চাবলৈ ধৰিলে। দুইকো দুইও এইদৰে নামাত-নাবোল হৈ ভালেখিনি পৰ চাই