শান্তিৰাম ভকত
মিঙ্গিমাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শান্তিৰাম ভকত থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দুৱাৰ-ৰখীয়া মানটোৱে কলে —“আই! বন্দীশালৰ ভিতৰলৈ সেনাপতিয়ে কাকো সোমাবলৈ নিদিয়ে।” পদুমীয়ে কলে—“মোক সেনাপতিয়ে সোমাবলৈ অনুমতি দিছে৷ বাৰু হয়নে নহয় এই আঙঠিটো চা” এই বুলি আঙঠিটো দেখুৱালে। দুৱাৰৰখীয়া মানটোৱে তেতিয়া দুৱাৰ এৰি দি নিজৰ বহালৈ গ’ল। পদুমীয়ে লাহে লাহে গৈ শান্তিৰাম ভকতৰ ওচৰ পালে আৰু তেওঁৰ কাষত বহিলগৈ।
যেতিয়া পদুমী গৈ ঘৰৰ ভিতৰত সোমাইছিল, শান্তিৰাম ভকতে তেতিয়া খেৰ একোচাৰ ওপৰত পৰি তন্দ্ৰা গৈ আাছিল। ভকতৰ আজি চাৰি-পাঁচ দিন ভাত-পানী নাই। মানহঁতে বল কৰি তেওঁৰ মুখত মদ-ভাত কঁটিয়ালেও তেওঁ সেই মদ-ভাত, গলৰ পৰা সিফাল নকৰিছিল। অনাহাৰে মৰিব তেও অবস্তু স্বইচ্ছায় ভোজন নকৰিব এইটো দৃঢ় প্ৰতিজ্ঞা মনতে ৰাখি তেওঁ