পৃষ্ঠা:Manomati.pdf/১৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আমাক এৰি দিয়ক। আমি আপোনাৰ অক্ষয় কীৰ্ত্তি গাম।” মিঙ্গিমাহা—“তোমালোকৰ এটাইবিলাককে বাৰু মই এৰি দিম; কিন্তু তুমি কোৱাচোন মোক তুমি ভাল পাবানে?” মনোমতী— “আপুনি যদি আমাৰ এটাইবিলাককে এৰি দিয়ে তেন্তে আপোনাক মই পিতৃৰ দৰে ভাল পাম।” মনোমতীৰ এই কথাত মিঙ্গিমাহাৰ মুখ ক’লা পৰিল। নিৰস মনেৰে কলে—“তুমি মোক পিতৃৰ দৰে মৰম কৰিব নেলাগে। তোমাৰ গোলাম বুলিহে মৰম কৰিব লাগে।” মনোমতী—“মই আপোনাৰ নিচিনা বীৰ এজনক গোলাম বুলিবলৈ কি সাহ আছে?” মিঙ্গিমাহা—“তোমাৰ তেন্তে স্বামী বুলি মৰম কৰিবা।” মনোমতী—“আপুনি যেতিয়াই ইমান বিলাক বীৰৰ স্বামী, তেনেস্থলত মই স্বামী বুলিলেহে আপুনি স্বামী হবনে?” মিঙ্গিমাহা—“মই সেই ভাৱত স্বামী বুলিবলৈ কোৱা নাই। মই কৈছোঁ তুমি মোৰ তিৰুতা হবা নে?” মনোমতী—“মই কেতিয়াও তোমাৰ তিৰুতা হব নোৱাৰোঁ।” মিঙ্গিমাহা—“লাহৰি! তুমি ফুল! মই ভোমোৰা। তুমি যদি মোক তোমাৰ ফুলৰ মৌ স্বইচ্ছাতে খাব নিদিয়া তেন্তে মই বল কৰি খাম।” মনোমতী—“আপোনাৰ চিৰকাললৈকে কলঙ্ক ৰব।” মিঙ্গিমাহা—“মোৰ কলঙ্ক হলেও তোমাক মই মোৰ মনৰ পৰা বাজ কৰিব নোৱাৰিম। কোৱাচোন তুমি মোৰ হবানে? ” মনোমতী—এই জীউটো গলেও মই তোমাৰ হব নোৱাৰিম।” মনোমতীৰ এই কথাত মিঙ্গিমাহাই চকু দুটা ৰঙা কৰি বাহু আফালি “বাৰু তোকনো কোনে ৰাখে চাওঁ” এই বুলিয়েই