পৃষ্ঠা:Manomati.pdf/১৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৫০
মনোমতী

সেই দেখি তাই আপোনাক অহা দেখি ভয়তে মুচকচ্‌ গৈ চুকত সোমাইছে। মিঙ্গিমাহা—“একো ভয় নাই। তাইক এবাৰ ইফালে আহিবলৈ কোৱা। মিঙ্গিমাহাৰ এই কথাত পমীলাই সখীয়েকক মাতি কলে—”সখি! এবাৰ ইফালে নাহা কেলেই?” পমীলাৰ এই কথাত মনোমতীয়ে একো উত্তৰ নিদি আৰু কুচি- মুচি চুকত সোমাল; এনেতে মিঙ্গিমাহাই এখোজ দুখোজ কৰি মনোমতীৰ ফাললৈ গ’ল আৰু তেওঁৰ ওচৰ চাপি কবলৈ ধৰিলে “তুমি ভয় কৰিছা কেলেই?” মনোমতীয়ে কলে—“সেনাপতি! তোমাৰ যদি অলপো ধৰ্ম্মৰ ভয় আছে তেন্তে তুমি মোৰ ওচৰ নাচাপিবা। কাবৌ কৰিছোঁ মোক এৰি দিয়া।” মিঙ্গিমাহা— “মইনা! তোমাক এৰি দিব নোৱাৰোঁ। তোমাক মই বৰ ভাল পাওঁ। তোমাৰ ৰূপত মই তেনেই ভোল গৈছো?” মনোমতী— “সেনাপতি! আপুনি বীৰ। আপুনি ডাঙৰ মানুহ। আপুনি আপোনাৰ স্বদেশীয় ৰূপৱতীবিলাকক মৰম কৰকগৈ। আমাৰ নিচিনা দুৰ্ভগীয়া আপোনাৰ মৰমৰ যোগ্যা নহওঁ। বিশেষ আপুনি আমাৰ শক্ৰ। আপোনাক কেতিয়াও আমি ভাল পাব। নোৱাৰিম।” মিঙ্গিমাহা—“বুকৰ জীউ! তুমি যিহকে ভাল পোৱা মই তাকে কৰিম। তোমাৰ পিতাৰাক এৰি দিম; আৰু আন আন যাকে এৰি দিবলৈ কোৱা তাকে এৰি দিম। মোত তুমি ভজা।” মনোমতী—“বীৰ! আপোনাৰ যদি দৰাচলতে মোলৈ কৃপা আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এটাইবিলাককে এৰি দিয়ক। আমাক মাৰিনো আপোনাৰ কি লাভ হব? আপুনি