পৃষ্ঠা:Manomati.pdf/১৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪৬
মনোমতী

কৃষ্ণৰ চৰণ-পঙ্কজকে আমি
 লইলু আশ্ৰয় কৰি।
গোপীক এৰিয়া-প্ৰাণৰ কলীয়া
 কৈক লাগি গৈলা চলি॥

 সুমধুৰ সুৰে পদুমীয়ে বীণ বজাই বজাই এই নামটো গালে। মিঙ্গিমাহাই ধুলধুলীয়া চকুৰে পদুমীলৈ চাবলৈ ধৰিলে। তাৰ পাছত কলে—“বুকৰ জীউ! তোক মই বৰ ভাল দেখোঁ! তোক মই বৰ ভাল পাওঁ।” পদুমীয়ে কলে—“মিঙ্গিমাহা! মইও তোক ভাল পাওঁ। বাৰু মই তোক এটা বস্তু খোজোঁ তই দিবিনে?” মিঙ্গিমাহা—“কি বস্তু পদুমী?” পদুমী—“মই আজি এবাৰ বন্দীবিলাকক চাওঁ বুলিলোঁ। তই মোক সিহঁতক চাবলৈ ক্ষন্তেক পৰ এৰি দে।” মিঙ্গিমাহা—“বাৰু তোক যাবলৈ দিলোঁ। মইও সেই তিৰুতা দুজনী কেনে আছে চাই আহোঁ।” পদুমী—“বাৰু চাগৈ; কিন্তু তই সিহঁতলৈ মন নিদিবি।” মিঙ্গিমাহা—“বুকৰ জীউ! তই কেতিয়াও মই তোক এলাগী কৰিম বুলি নেভাবিবি। মুঠতে মই তাইহঁতে সৈতে ধেমালি কৰি আহোঁ” এই বুলি কৈয়েই মিঙ্গিমাহাই ঘৰৰ পৰা ওলাই পমীলা মনোমতীৰ ঘৰৰ ফাললৈ বাট ললে। পদুমীয়েও সি ওলাই যোৱাৰ পাছতে দিনতে আনি থোৱা নাৰিকল দুটা, টেঙা দুটা, কটাৰি এখানে সৈতে লৈ বন্দীঘৰৰ ফালে বাট ললে।