সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
মিঙ্গিমাহা আৰু পদুমী

বীণখন টুং টুং টাং টাং কৰি বজাই নিজে মোহিত হৈ আৰু মিঙ্গিমাহাকো মোহিত কৰি মিঠা মাতেৰে গাবলৈ ধৰিলে—

আহিলে বসন্ত—সুমধুৰ ঋতু
 জগৎ শীতল কৰি।
জগত শীতল—মলয় সমীৰে
 কৈক লাগি গৈল হৰি॥
গছে গছে পৰি—কোকিলে কুহয়।
 পঞ্চমত ৰাৱ তুলি।
পঞ্চমত ৰাৱে সুমধুৰ সুৰে
 ইটো প্ৰাণ নেয় হৰি॥
কেতেক কুসুম—আৰ ফুলচয়
 গোন্ধতে আমোল মোল।
অশোক কিংশুক—ফুলে জকমক
 ৰূপতে নাহিক তুল॥
ৰূপতে আকুল—আমি গোপনাৰী
 বসন্তে দহয় প্ৰাণ।
এনুৱা বসন্তে—নাহিলে কৃষ্ণাই
 বিৰহে আকুল মন॥
বিৰহে আকুল—আমি অভাগিনী
 প্ৰেমতে আকুল হিয়া৷
প্ৰেমতে আকুল—আমি ব্ৰজৱালা
 চৰণে মাগিছোঁ ছাঁয়া॥