আছিল। তেওঁ যেই সেই মানুহকে সতকাই নামাতিছিল। কেনোবাই কোনো কথা সুধিলে হেনো মুঠতে ‘হোঁ বা নউ” এনে এটি উত্তৰহে দিছিল। মন খুলি বা বৰকৈ হাঁহি মাতি কথা বতৰা নকৈছিল। ইয়াতে হেনো তেওঁক অনেকেই পাগল স্বভাৱৰ গাভৰু বুলি থিৰ কৰিছিল।
মিঙ্গিমাহাৰ লগত পৰি তেওঁৰ সেই গোমোঠা স্বভাৱ বেছি প্ৰবলহে হৈছিল। তেওঁক মানুহে পোন ঢালতে দেখিলেই গপাল স্বভাৱৰ বুলি বিবেচনা কৰিছিল; কিন্তু যেয়েই তেওঁৰ স্বভাৱ ভালকৈ বুজি চাবলৈ চেষ্টা কৰিছিল সেয়েই ধৰিব পাৰিছিল যে তেওঁ আচল গোমোঠা আৰু নিমৰমিয়াল স্বভাৱৰ নাছিল। তেওঁ দৰাচলে গহীন আছিল আৰু কিবা এটা মন্দ প্ৰাক্তনত পৰি পাতল স্বভাৱৰ তিৰুতাৰ দৰে “হাইঔ বিয়ৌ” নকৰি এটি স্থিৰ প্ৰতিজ্ঞাৰ ভাৱহে ধাৰণ কৰিছিল। তেওঁৰ হৃদয়খনো মৰমেৰে ভৰা আছিল। কিন্তু তেওঁ ৰাঙ্গধালী গাভৰুৰ দৰে সেই মৰম দেখুৱাব নেজানিছিল। মৰম দেখুৱাব নাজানি হেনো ভিতৰতে দেই-পুৰি মৰিছিল। ‘পদুমীৰনো পূৰ্ব বৃত্তান্ত কি, তেওঁৰনো মন্দ প্ৰাক্তন কেনেকৈ হ’ল, পাঠক! এই বিষয়ে লাহে লাহে জানিব।
ভিতৰৰ পৰা বীণখন লৈ পদুমী ওলাই আহিল। ভালকৈ চূণ দি তামোল এখন খাই চুলি মেলি মিঙ্গিমাহাৰ আগত বহিল। মিঙ্গিমাহাই সেই চুলিটাৰত হাত ফুৰাবলৈ ধৰিলে। তাৰ পাছত কলে—“বুকুৰ জীউ! গীতটো গা।” পদুমীয়ে তেতিয়া